ওলন্দাজ ভাষা
পশ্চিম জাৰ্মানীয় মূলৰ এক ভাষা / From Wikipedia, the free encyclopedia
ওলন্দাজ ভাষা মূলতঃ ইউৰোপৰ নেডাৰলেণ্ডচ আৰু বেলজিয়াম দেশত প্ৰচলিত ইণ্ডো-ইউৰোপীয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত পশ্চিম জাৰ্মানীয় মূলৰ এক ভাষা। প্ৰায় ২.৩ কোটি লোকৰ ই মাতৃভাষা আৰু প্ৰায় ৫০ লাখ লোকৰ দ্বিতীয় ভাষা। ওলন্দাজ ভাষা নেডাৰলেণ্ডচৰ একমাত্ৰ চৰকাৰী ভাষা[3] হোৱাৰ লগতে বেলজিয়াম, ছুৰিনাম, আৰুবা, কুৰাকাঅ’, আৰু ছিণ্ট মাৰ্টেনত অধিকাৰীক স্থিতি লাভ কৰিছে।[4] ইংৰাজী ভাষা আৰু জাৰ্মান ভাষাৰ পাছতে ওলন্দাজ ভাষা বহুলভাৱে প্ৰচলিত তৃতীয় জাৰ্মানীয় মূলৰ ভাষা। ইংৰাজী ভাষাত ইয়াক ডাটচ্ (Dutch) নামেৰে আৰু ওলন্দাজ ভাষাত ইয়াক নেডাৰ্লাণ্ট্চ্ (Nederlands) নামেৰে জনা যায়।
ক্ষিপ্ৰ তথ্য ওলন্দাজ, থলুৱা অঞ্চল ...
ওলন্দাজ | |
---|---|
Nederlands | |
থলুৱা অঞ্চল | নেডাৰলেণ্ডচ আৰু ফ্লেণ্ডাৰচ |
অঞ্চল | নেডাৰলেণ্ডচ, বেলজিয়াম, ছুৰিনাম, আৰু ইণ্ডোনেছিয়া; লগতে আৰুবা, কুৰাকাঅ’, ছিণ্ট মাৰ্টেন, ফৰাচী ফ্লেণ্ডাৰচ |
জাতীয়তা |
|
স্থানীয় ভাষিক |
22 million (2016)e19 মুঠ (মাতৃভাষা আৰু দ্বিতীয় ভাষা): ২.৮ কোটি (২০১৮)[1] |
ভাষা পৰিয়াল |
ইণ্ডো-ইউৰোপীয়
|
পূৰ্বসূৰী |
পুৰণা ওলন্দাজ
|
লিখন প্ৰণালী |
|
সংকেতিক ৰূপ |
সংকেতিক ওলন্দাজ (NmG) |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
|
নিয়মাধীন হয় |
Nederlandse Taalunie (ওলন্দাজ ভাষা সংঘ) |
ভাষা সংকেত | |
ISO 639-1 | nl |
ISO 639-2 | dut (B) nld (T) |
ISO 639-3 | nld ওলন্দাজ/ফ্লেমিচ্ |
গ্লোটোলগ | mode1257 [2] |
লিংগোৱাস্ফেয়াৰ | 52-ACB-a |
বন্ধ কৰক