ওৰণি
পোছাকৰ এক অপৰিহাৰ্য অংগ / From Wikipedia, the free encyclopedia
ওৰণি (ইংৰাজী: Veil) হৈছে এক কাপোৰৰ আৱৰণ, যি মূৰ বা মুখৰ কিছু অংশ ঢাকিবলৈ ব্যৱহাৰ হয়। ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ সমাজত এই আৱৰণৰ এক দীঘলীয়া ইতিহাস আছে। ওৰণিৰ স্থায়ী ধৰ্মীয় গুৰুত্বৰ উপৰিও, বিবাহৰ ৰীতি-নীতিৰ দৰে কিছুমান আধুনিক ধৰ্মনিৰপেক্ষ প্ৰসংগতো ইয়াৰ এক বিশেষ ভূমিকা আছে। ওৰণি লোৱাৰ অনুশীলন বিশেষকৈ মহিলা আৰু পৱিত্ৰ বস্তুৰ সৈতে জড়িত, যদিও কিছুমান সংস্কৃতিত পুৰুষ সকলেও ওৰণি লোৱা দেখা যায়।[1] বিভিন্ন ধৰ্মত কইনাৰ পোছাকত ওৰণি দেখা যায়। প্ৰাচীনকালৰ পৰাই "অশুভ আত্মাৰ পৰা" কইনাক লুকুৱাবলৈ গ্ৰীক আৰু ৰোমানসকলৰ মাজত কইনাৰ পোছাকত ওৰণি এক অপৰিহাৰ্য অংশ আছিল।[2][3][4][5]
প্ৰাচীন কালৰ পৰা ওৰণিৰে কইনাৰ মুখখন দৰাৰ পৰা লুকুৱাবলৈও ব্যৱহাৰ কৰা হৈছিল, কিয়নো অন্ধবিশ্বাস আছিল যে বিবাহ অনুষ্ঠানৰ আগতে কইনাক দেখা পোৱাটো দৰাৰ বাবে দুৰ্ভাগ্যৰ চিহ্ন।[6][5]সময়ৰ লগে লগে বিবাহ পশ্চিমীয়া সংস্কৃতিত অধিক ধৰ্মীয় অনুষ্ঠান হৈ পৰিছিল আৰু ওৰণি অন্যান্য কাৰণতো ব্যৱহাৰ কৰা দেখা গʼল যেনে ঈশ্বৰৰ প্ৰতি নিষ্ঠা আৰু সন্মান আৰু বিশেষভাৱে বগা ওৰণি সতীত্বৰ চিন হিচাপে ব্যৱহাৰ কৰা হৈছিল।[2][6][5][7][8][9]