কাদম্বিনী গাংগুলী
ভাৰতীয় চিকিৎসক / From Wikipedia, the free encyclopedia
কাদম্বিনী গাংগুলী (১৮ জুলাই ১৮৬১ – ৩ অক্টোবৰ ১৯২৩)[2] এগৰাকী ভাৰতীয় চিকিৎসক। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী মহিলা। তেওঁ ১৮৮২ চনত চন্দ্ৰমুখী বসুৰ সৈতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা উত্তীৰ্ণ হয়। তেওঁলোকৰ ডিগ্ৰী ১৮৮৩ চনৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত প্ৰদান কৰা হৈছিল। ইয়াৰ পিছত তেওঁ কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ দক্ষিণ এছিয়াৰ পৰা পাশ্চাত্য চিকিৎসাৰ স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় তথা দক্ষিণ ভাৰতীয় মহিলা।
ক্ষিপ্ৰ তথ্য কাদম্বিনী গাংগুলী, জন্ম ...
কাদম্বিনী গাংগুলী | |
---|---|
জন্ম | কাদম্বিনী বসু ১৮ জুলাই ১৮৬১[1] ভগলপুৰ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৩ অক্টোবৰ ১৯২৩ (৬৩ বছৰ) কলিকতা, ব্ৰিটিছ ভাৰত |
শিক্ষানুষ্ঠান | বেথুন কলেজ কলিকতা বিশ্ববিদ্যালয় |
পেচা | চিকিৎসক |
দাম্পত্যসঙ্গী | দ্বাৰকানাথ গাংগুলী |
বন্ধ কৰক