কানাডাৰ খিলঞ্জীয়া লোকসকলৰ আবাসিক স্কুল ব্যৱস্থা
From Wikipedia, the free encyclopedia
উত্তৰ আমেৰিকাৰ খিলঞ্জীয়া লোকসকলক স্থানীয় ইণ্ডিয়ান (native Indian) বুলিও কোৱা হয়। ইয়াৰে স্থানীয় ইণ্ডিয়ান সন্তানৰ আবাসিক স্কুল ব্যৱস্থাবোৰৰ 'বোৰ্ডিং স্কুল'ৰ অন্তৰ্জাল আছিল। এই বোৰ্ডিং স্কুলৰ অন্তৰ্জালটোৱে কানাডা চৰকাৰৰ 'স্থানীয় ইণ্ডিয়ান বা খিলঞ্জীয়া' বিভাগটোৰ পৰা অৰ্থসাহায্য পাইছিল আৰু খ্ৰীষ্টান গীৰ্জাৰ দ্বাৰা পৰিচালিত হৈছিল। এই স্কুল ব্যৱস্থাটো খিলঞ্জীয়া সন্তান সকলৰ ভিতৰৰ পৰা স্থানীয় খিলঞ্জীয়াৰ ভাষা, সংস্কৃতি আৰু প্ৰভাৱসমূহ বিলোপ কৰি ইউৰোপীয়ান ভাষা, সংস্কৃতি আৰু প্ৰভাৱৰ অন্তৰ্ভুক্ত কৰি ভৱিষ্যতে এটা প্ৰভাৱশালী ইউৰোপীয়ান-কেনেডিয়ান সংস্কৃতি গঢ়িবৰ বাবে আৰু শিশুৰ ভিতৰৰ পৰা খিলঞ্জীয়াৰ স্বভাৱ নোহোৱা কৰিবৰ বাবে গঢ়া হৈছিল।[1] সম্পূৰ্ণ স্কুল ব্যৱস্থাতো এশ বছৰতকৈয়ো অধিক সময় চলাই থকা হৈছিল আৰু প্ৰায় ৩০ শতাংশ (প্ৰায় এক লাখ পঞ্চাচ হাজাৰ) খিলঞ্জীয়া ল'ৰা-ছোৱালীক কানাডা দেশৰ আবাসিক স্কুলবোৰলৈ জোৰ কৰি প্ৰেৰণ কৰা হৈছিল। স্কুল সম্বন্ধীয় মৃত্যুৰ সংখ্যা কিমান, তাৰ গণণা বুৰঞ্জীৰ পাতত অসম্পূৰ্ণ হৈ ৰোৱাৰ বাবে বৰ্ত্তমান জনাটো সম্ভৱ হৈ নুঠিল। তথাপিও অনুমান কৰি পোৱা মতে ৩২০০ ৰ পৰা ৩০,০০০টা শিশুৰ মৃত্যু হ'ল।[2]
আবাসিক স্কুল ব্যৱস্থাই খিলঞ্জীয়া শিশুসকলৰ অপূৰণীয় ক্ষতিসাধন কৰিছিল। বিশেষকৈ এই শিশুসকলক পৰিয়ালৰ পৰা বলপূৰ্বক আঁতৰাই নি, নিজৰ কলা-কৃষ্টি আৰু ভাষাৰ পৰা বিছিন্ন কৰি আৰু শাৰীৰিক আৰু মানসিক শোষণ (abuse)-ৰ ভুক্তভোগী কৰি এই ব্যৱস্থাই প্ৰজন্মগত অভিঘাত (generational trauma)-ৰ সৃষ্টি কৰে। ২০২১ চনৰ ২৭ মে'ত কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ কেমলুপ নামৰ চহৰখনত কৰ্মকৰ্তাসকলে ইণ্ডিয়ান ৰেছিডেন্সিয়েল স্কুলৰ মাটিত বহুতো চিহ্নহীন কবৰস্থানৰ লগতে ২১৫ টি 'স্থানীয় ইণ্ডিয়ান' শিশুৰ অৱশেষ পোৱাৰ কথা ঘোষণা কৰিলে। এই ৰেছিডেন্সিয়েল স্কুলৰ মাটিত ৩ বছৰীয়া শিশুলৈকে পোৱা গৈছে। এই স্কুলখন ১৮৯০ আৰু ১৯৭৮ ভিতৰত কেথলিক গীৰ্জা আৰু কানাডা চৰকাৰে পৰিচালনা কৰিছিল।[3][4] ২০২১ চনৰ ২৪ জুনত চাচকাটোৱান প্ৰদেশৰ প্ৰাক্তন আৱাসীক বিদ্যালয়ৰ পথাৰত খিলঞ্জীয়া শিশুসকলৰ ৭৫১টা মৰাশৰ অৱশেষ পুনৰবাৰ পোৱা বুলি খিলঞ্জীয়া লোকসকলে জানিবলৈ দিয়ে।[5]