কামৰূপী প্ৰাকৃত
প্ৰাচীন অসমীয়া ভাষা / From Wikipedia, the free encyclopedia
কামৰূপী প্ৰাকৃত[1] (ইংৰাজী: Kamarupi Prakrit) প্ৰাচীন কামৰূপ ৰাজ্যত পঞ্চমৰ পৰা ত্ৰয়োদশ শতিকাত ব্যৱহৃত মধ্য ভাৰত-আৰ্য ভাষা পৰিয়ালৰ প্ৰাকৃত ভাষা। এই ভাষাটো কামতাপুৰী ভাষাসমূহ আৰু আধুনিক অসমীয়া ভাষাৰ ঐতিহাসিক পূৰ্বসূৰী।[2][3] ই প্ৰায় ১২৫০ খ্ৰীষ্টাব্দৰ আগতে প্ৰচলিত আছিল। এইসমতে কামতাপুৰী ভাষাৰ পূৰ্বসূৰী প্ৰাক্ কমতাপুৰী ভাষাৰ বিকাশ আৰম্ভ হৈছিল। [4] যদিও যথেষ্ট পৰিমাণৰ উৎসৰ সহায়ত প্ৰমাণিত নহয় তথাপি কমতাপুৰী ভাষাসমূহ আৰু আধুনিক অসমীয়া ভাষাৰ পূৰ্বৰ ভাষা হিচাপে কামৰূপী প্ৰাকৃতক ব্যাপকভাৱে বিশ্বাস কৰা হয়।[5]
কামৰূপী প্ৰাকৃত | |
---|---|
কামৰূপী অপভ্ৰংশ | |
অঞ্চল | কামৰূপ ৰাজ্য |
যুগ | প্ৰথম সহস্ৰাব্দ |
ভাষা পৰিয়াল |
ইণ্ডো-ইউৰোপীয়
|
পূৰ্বসূৰী |
মগধী প্ৰাকৃত
|
লিখন প্ৰণালী | কামৰূপী লিপি |
ভাষা সংকেত | |
ISO 639-3 | – |
গ্লোটোলগ | নাই |
এই ভাষাৰ প্ৰমাণ হিচাপে কামৰূপ শিলালিপিত ব্যৱহৃত সংস্কৃত ভাষাৰ প্ৰণালীবদ্ধ ত্ৰুটিত বিদ্যমান।[6] এয়া বিক্ষিপ্ত অপভ্ৰংশ অসমৰ সংস্কৃত, প্ৰাকৃত আৰু কথোপকথনৰ উপভাষাৰ মিশ্ৰণ।[7] ভাষাবিদসকলে দাবী কৰে যে এই অপভ্ৰংশবোৰৰ পৰা আধুনিক অসমীয়া আৰু কমতাপুৰীৰ দৰে বিভিন্ন পূৱ ইণ্ডো-ইউৰোপীয় ভাষাৰ জন্ম হৈছিল।[8]