কোৰআন
ইছলাম ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ / From Wikipedia, the free encyclopedia
কোৰ্-আন বা কোৰান বা কোৰান শ্বৰীফ (ইংৰাজী উচ্চাৰণ: /kɒˈrɑːn/ kor-ahn; আৰবী: القرآن al-qurʾān/আল্-ক়ুৰ্-আন্) ইছলাম ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। মুছলিমসকলে কোৰআন স্ৰষ্টাৰ অবিকৃত, হুবহু বক্তব্য বুলি বিশ্বাস কৰে।[1] কোৰআনক আৰবী সাহিত্যৰ অতি উত্তম সৃষ্টি বুলি জ্ঞান কৰা হয়[2][3][4] বিশ্বৰ অন্যতম জনপ্ৰিয় গ্ৰন্থখনক লৈ বহু অন্য সাহিত্যৰো সৃষ্টি হৈছে।[5] কোৰআনৰ পাঠবোৰক 'ছূৰা' আৰু পদবোৰক 'আয়াত' বোলা হয়। কোৰআনত সৰ্বমুঠ ১১৪টা ছূৰা আছে আৰু ৬,৬৬৬টা আয়াত আছে।[6]। ইছলামী ভাষ্যমতে কোৰআন অপৰিৱৰ্ত্তনীয় আৰু এই সম্পৰ্কে মুছলিমসকলে কোৰআনৰ ছূৰা আল হিজৰ (১৫ নং ছূৰা), ৯ নং আয়াতৰ কথা উল্লেখ কৰি থাকে, সেয়া হ'ল:
"নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছো আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক। "[7]
মুছলিমসকলে বিশ্বাস কৰে যে ৬০৯ চনৰ ২২ ডিচেম্বৰত মুহাম্মাদ(ছাঃ)ৰ ৪০ বছৰ বয়স হোৱাৰে পৰা[8] তেওঁৰ মৃত্যু হোৱা ৬৩২ চনলৈকে[1][9][10] ২৩ বছৰ জুৰি সৃষ্টিকৰ্তাই দূত জিব্ৰাইলৰ(গেব্ৰিয়েল) জৰিয়তে কোৰআন তেওঁক মৌখিকভাৱে প্ৰদান কৰিছিল।[11][12] মুছলিমসকলে কোৰআনক মুহাম্মাদ (ছাঃ)ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অলৌকিক কাৰ্য আৰু তেওঁৰ ঐশ্বৰিকতাৰ প্ৰমাণ বুলি বিশ্বাস কৰে।[13] কোৰআনৰ বাণীসমূহ প্ৰথমে আদম (আঃ) আৰু শেষত মুহাম্মাদ(ছাঃ)ক দিয়া পৱিত্ৰ বাৰ্তা বুলি গণ্য কৰা হয়। মুছলিমসকলে কোৰআনক সৃষ্টিকৰ্তাই বিকৃতকৰণৰ পৰা ৰক্ষা কৰা একমাত্ৰ পৱিত্ৰ গ্ৰন্থ বুলি জ্ঞান কৰে।[14]
পৰম্পৰাগত কাহিনী অনুসৰি মুহাম্মাদ(ছাঃ)ৰ কেইবাজনো সংগীয়ে (ছাহাবাসকলে) অনুলিখক হিচাপে কাম কৰি বাণীসমূহ লিপিবদ্ধ কৰিছিল। মুহাম্মাদ(ছাঃ)ৰ মৃত্যুৰ পাছত তেওঁৰ সংগীসকলে ইয়াৰ অংশবিশেষ মুখস্থ কৰি লয়। এই পাঠসমূহ খলিফা উছমানে একত্ৰিত কৰি কিতাপ আকাৰত প্ৰচলন কৰে যিখন বৰ্তমানৰ কোৰআনৰ পূৰ্বসূৰী।[15]
কোৰআনৰ বিৱৰণত বাইবেল গ্ৰন্থসমূহৰ প্ৰধান ঘটনাবোৰৰ সৈতে মিল দেখা যায়। ইয়াত কিছুমান ঘটনা চমুৱাই কোৱা হৈছে, কিছুমান বহলাই কোৱা হৈছে আৰু আন কিছুমানত অন্য বিৱৰণ দিয়া হৈছে।[16][17][18] কোৰআনক পদপ্ৰদৰ্শক গ্ৰন্থ বোলা হৈছে। ইয়াত মাজে মাজে নিৰ্দিষ্ট ঐতিহাসিক ঘটনাৰ বিতং বিৱৰণ আছে আৰু প্ৰায়েই ঘটনাক্ৰমতকৈ তাৰ নৈতিক গুৰুত্বক প্ৰাধান্য দিয়া হৈছে।[19][20] শ্বৰিয়াৰ নিয়মসমূহ পালন কৰোঁতে হাদিছৰ লগতে কোৰআনৰ ব্যৱহাৰ কৰা হয়।[21] প্ৰাৰ্থনাৰ সময়ত কোৰআন কেৱল আৰবী ভাষাত পাঠ কৰা হয়।[22]
গোটেই কোৰআনক মনত ৰখাজনক হাফিজ বুলি কোৱা হয়। কিছুমান মুছলিমে কোৰআনৰ আয়াসবোৰ এক নিৰ্দিষ্ট শৈলীত পঢ়ে যিটোক তজ্ৱিদ বুলি কোৱা হয়। ৰমজান (ৰমাদ্বান) মাহত কিছু মুছলিমে তাৰাৱীহ প্ৰাৰ্থনাৰ সময়ত গোটেই কোৰআন পাঠ কৰে। কোৰআনৰ নিৰ্দিষ্ট পদৰ অৰ্থ জানিবলৈ অধিকাংশ মুছলিমে তাফছিৰৰ ওপৰত নিৰ্ভৰ কৰে।[23]