গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক
From Wikipedia, the free encyclopedia
গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক (ইংৰাজী: Gayatri Chakravorty Spivak; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৪২) এগৰাকী ভাৰতীয় পণ্ডিত, সাহিত্য তত্ত্ববিদ আৰু নাৰীবাদী সমালোচক।[1] তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু প্ৰতিষ্ঠানটোৰ ইনষ্টিটিউট ফৰ কম্পাৰেটিভ লিটাৰেচাৰ এণ্ড ছ'চাইটিৰ প্ৰতিষ্ঠাপক সদস্য।[2]
সম্পূৰ্ণ নাম | গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক |
---|---|
জন্ম | ২৪ ফেব্ৰুৱাৰী, ১৯৪২ (৮২ বছৰ) কলকাতা, বেংগল প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত |
যুগ | সমকালীন দৰ্শন |
অঞ্চল | প্ৰাশ্চাত্য দৰ্শন |
ধাৰা | মহাদেশীয় দৰ্শন, উত্তৰ-উপনিৱেশবাদ, বিনিৰ্মাণ |
আগ্ৰহ | সাহিত্য সমালোচনা, নাৰীবাদ, মাৰ্ক্সবাদ, উত্তৰ-উপনিবেশবাদ |
প্ৰভাৱিত হয়
|
উত্তৰ-ঔপনিৱেশিক কালৰ অন্যতম প্ৰভাৱশালী বুদ্ধিজীৱী বুলি গণ্য কৰা স্পিভাক তেওঁৰ ৰচনা কেন দ্য চাবঅলটাৰ্ন স্পিক? আৰু জেক ডেৰিডাৰ De la gramatologie-ৰ অনুবাদ আৰু পাতনিৰ বাবে বিশেষভাবে জনাজাত।[3][4] মহাশ্বেতা দেৱীৰ বহু গ্ৰন্থ মহাশ্বেতাৰ জীৱন আৰু লেখনশৈলীৰ পৃথক সমালোচনাত্মক টোকাৰ সৈতে তেওঁ ইংৰাজীলৈও অনুবাদ
“গোলকীকৃত বিশ্বৰ সম্পৰ্কত বৌদ্ধিক ঔপনিৱেশিকতাৰ বিৰুদ্ধে মানৱীয় বিষয়ৰ হৈ কথা কোৱা এগৰাকী সমালোচনাত্মক তত্ত্ববিদ আৰু শিক্ষাবিদ” ৰূপে স্পিভাকক ২০১২ চনত কলা আৰু দৰ্শনৰ কিয়’ট’ বঁটা প্ৰদান কৰা হয়।[5][6] ২০১৩ চনত তেওঁ ভাৰত চৰকাৰে প্ৰদান কৰা তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ লাভ কৰে।[7]
যদিও উত্তৰ-ঔপনিৱেশিকতাবাদৰ সৈতে জড়িত, স্পিভাকে এই বিষয়টোৰ পৰা আঁতৰি এ ক্ৰিটিক অৱ পোষ্টকলনিয়েল ৰিজন (১৯৯৯) ৰচনা কৰিছিল; এই স্থিতি তেওঁ ২০২১ চনত জানুছ আনবাউণ্ডে প্ৰকাশ কৰা জাৰ্নেল অৱ ক্ৰিটিকেল ষ্টাডিজৰ হাউ দ্য হেৰিটেজ অৱ প'ষ্টকলনিয়েল ষ্টাডিজ থিংকছ কলনিয়ালিজম টুডে শীৰ্ষক ৰচনা এখনতো বজাই ৰাখিছে।[8]