গুৰুতৰ অৱসাদজনিত ব্যাধি
একধৰণৰ মনসিক ব্যাধি। / From Wikipedia, the free encyclopedia
গুৰুতৰ অৱসাদজনিত ব্যাধি (Major depressive disorder-MDD), (যাক সচৰাচৰ হতাশগ্ৰস্ততা বা অৱসাদ হিচাপেও জনা যায়), হৈছে একধৰণৰ মানসিক ব্যাধি যাৰ বৈশিষ্ট্য হ'ল যে দুসপ্তাহ বা ততোধিক কালজুৰি নিম্ন মনোৱস্থা বিস্তৃত হৈ থাকে। নিম্ন আত্ম-মৰ্য্যদা, সচৰাচৰ আনন্দ প্ৰদানকাৰী ক্ৰিয়াকৰ্মৰ প্ৰতি আগ্ৰহ হ্ৰাস, নিম্ন শক্তি আৰু স্পষ্ট কোনো কাৰণৰহিত বেদনা বা বিষ- এইকেইটা হৈছে গুৰুতৰ অৱসাদজনিত ব্যাধিৰ সাধাৰণ লক্ষণ। [1] আক্ৰান্ত ভুক্তগোগীৰ মাজে সময়ে হোৱা বিভ্ৰম (delusion) আৰু অমূলপ্ৰত্যক্ষ(hallucination)-ও এই ৰোগৰ লক্ষণ। [1] ৰোগগ্ৰস্ত কিছুসংখ্যক লোকৰ ক্ষেত্ৰত কেইবা বছৰৰ অন্তৰত হোৱা গুৰুতৰ হতাশগ্ৰস্ততাৰ পৰ্ব উদ্ৰেক হয়, আৰু আন একাংশৰ ক্ষেত্ৰৰ ব্যাধিৰ লক্ষণ প্ৰায় সকলো সময়তে পৰিলক্ষিত হয়। [3] গুৰুতৰ অৱসাদ অধিক গম্ভীৰ, আৰু সৰ্বসাধাৰণ মানুহৰ জীৱনৰ অংশ দুঃখবোধতকৈ অধিককাল জুৰি ব্যাপ্ত হৈ থাকে। [3] গুৰুতৰ অৱসাদজনিত ব্যাধিয়ে আক্ৰন্ত ব্যক্তিৰ ব্যক্তিগত জীৱন, কৰ্মজীৱন, শিক্ষা, কেৰিয়াৰ, সামাজিক জীৱন, খাদ্যাভাসকে ধৰি সাধাৰণ স্বাস্থ্যৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ বিস্তাৰ কৰে। [1][3] গুৰুতৰ হতাশগ্ৰস্ততাত ভোগা প্ৰাপ্তবয়স্কসকলৰ মাজত ২-৮% লোকে আত্মহত্যাৰ পথ বাছি লয়, [2][7], আৰু আত্মহত্যাৰ জৰিয়তে মৃত্যু ঘটা প্ৰায় ৫০% লোকৰেই মৃত্যুৰ পূৰ্বকালীন অৱসাদ বা অন্য কোনো মনোৱস্থা সংক্ৰান্তীয় ব্যাধিত আক্ৰান্ত হোৱাৰ তথ্য পোৱা যায়। [8]
গুৰুতৰ অৱসাদজনিত ব্যাধি | |
---|---|
অন্য নাম | নিদানিক অৱসাদ, গুৰুতৰ অৱসাদ, একমেৰু অৱসাদ, একমেৰু বিসংগতি, পুনৰাবৃত্ত অৱসাদ |
ভিনচেণ্ট ভেন গঘৰ শোকাতুৰ বৃদ্ধ ('এট্ ইটাৰ্নিটিজ্ গে'ট')(১৮৯০) | |
বিভাগ | মনোৰোগবিদ্যা নিদানিক মনোবিজ্ঞান |
লক্ষণ | হতাশগ্ৰস্ততা, নিম্ন আত্ম-মৰ্য্যদা, সচৰাচৰ আনন্দ উপভোগৰ ক্ৰিয়াৰ প্ৰতি আগ্ৰহ হ্ৰাস, নিম্ন শক্তি, স্পষ্ট কাৰণৰহিত বেদনা, বিষ [1] |
জটিলতা | আত্ম-হানি, আত্মহত্যা [2] |
আৰম্ভণি | ২০ বছৰৰ দশকত–৩০ বছৰৰ দশকত[3] [4] |
স্থায়িত্ব | > ২ সপ্তাহ[1] |
কাৰণ | বংশগতিজনিত, পৰিৱেশগত, আৰু মনোবৈজ্ঞানিক কাৰণ [1] |
আশংকাৰ কাৰণ | পাৰিবাৰিক ইতিহাস, জীৱনত সংঘটিত গুৰুতৰ পৰিৱৰ্তন, বিশেষ কিছুমান ঔষধ, দীৰ্ঘকালীন স্বাস্থ্যৰ সমস্যা, নিচাযুক্ত দ্ৰব্যৰ সেৱন [1][3] |
একেধৰণৰ ৰোগ | একমেৰু বিসংগতি, অত্যধিক অমোঘ ব্যাধি, বিষণ্ণতা [3] |
চিকিৎসা | মনোবৈজ্ঞানিক পৰামৰ্শদান, অৱসাদৰোধী ঔষধ, ইলেক্ট্ৰ'কনভালছিভ থেৰাপী, ব্যায়াম [1][5] |
পুনৰাবৃত্তি | ১৬৩ মিলিয়ন (২০১৭)[6] |
গুৰুতৰ অৱসাদজনিত ব্যাধিৰ ৰোগনিৰ্ণয় আক্ৰান্ত ব্যক্তিৰ প্ৰতিবেদিত অভিজ্ঞতা আৰু মানসিক অৱস্থা পৰীক্ষণৰ ওপৰত ভিত্তি কৰি কৰা হয়। [9] এই ব্যাধিৰ ৰোগনিৰ্ণয়ৰ বাবে কোনো পৰীক্ষাগাৰমূলক অধ্যয়ন নাই,[3] কিন্তু এই ব্যাধিৰ সদৃশ লক্ষণ প্ৰদৰ্শনকাৰী আন শাৰীৰিক অসুস্থতাৰ নঞৰ্থক উপস্থিতি প্ৰমাণ কৰিবলৈ পৰীক্ষা কৰা হয়। [9] গুৰুতৰভাৱে অৱসাদগ্ৰস্ত ব্যক্তিসকলক সাধাৰণতে মনোবৈজ্ঞানিক পৰামৰ্শ-প্ৰদান আৰু অৱসাদৰোধী ঔষধ প্ৰদানৰ জৰিয়তে চিকিৎসা প্ৰদান কৰা হয়। [1] ঔষধৰ জৰিয়তে সুফল লাভ কৰে বুলি বিশ্বাস কৰা হয়, কিন্তু ইয়াৰ কাৰ্যকাৰিতা গুৰুতৰভাৱে আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰতহে পৰ্য্যবেক্ষণীয়ভাৱে উল্লেখনীয় হয়। [10][11] ৰোগীক প্ৰদান কৰা কাউন্সেলিঙৰ পদ্ধতিসমূহৰ ভিতৰত আছে সংজ্ঞানাত্মক আচৰণগত মনোচিকিৎসা (Cognitive behavioral therapy, CBT) আৰু আন্তঃবৈক্তিক মনোচিকিৎসা (interpersonal therapy),[1][12] আৰু আন চিকিৎসাপদ্ধতি সমূহৰ মাধ্যমেৰে সুফল লাভ নকৰিলে ইলেক্ট্ৰ'কনভালছিভ থেৰাপী (electroconvulsive therapy-ECT) ব্যৱহাৰ কৰা হয়। [1] আত্ম-হানি বা আত্মঘাতৰ আশংকাযুক্ত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাব লগা হয়, আৰু কোনো কোনো ক্ষেত্ৰত এয়া ৰোগীৰ ইচ্ছাৰ বিৰুদ্ধেও হ'ব পাৰে। [13]
এই ৰোগৰ আৰম্ভণি সৰ্বসাধাৰণতে ব্যক্তিৰ ২০ বছৰ বয়সৰ দশকত আৰু ৩০ বছৰ বয়সৰ দশকত হয়,[3][4] পুৰুষতকৈ নাৰী আক্ৰান্ত হোৱাৰ হাৰ প্ৰায় দ্বিগুণ।[3][4] ২০১৭ চনৰ তথ্য অনুসৰি বিশ্বৰ প্ৰায় ১৬৩ মিলিয়ন লোক (পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ২%) গুৰুতৰ অৱসাদজনিত ব্যাধিত আক্ৰান্ত। [6] জীৱনৰ কমপক্ষেও এটা বিন্দুত এই ৰোগত আক্ৰান্ত লোকৰ পৰিসংখ্যা জাপানত ৭% ৰ পৰা ফ্ৰান্সত ২১% লৈকে হয়। [4] জীৱনকালীন আক্ৰান্তৰ হাৰ উন্নত দেশসমূহত (১৫%) উন্নয়নশীল দেশসমূহৰ তুলনাত (১১%) অধিক। [4] ককাঁলৰ বিষৰ পিছতেই শাৰীৰিক অক্ষমতাত অৰিহণা যোগোৱা কাৰক হৈছে গুৰুতৰ অৱসাদজনিত ব্যাধি। [14]
গুৰুতৰ অৱসাদজনিত ব্যাধি পৰিভাষাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা চিকিৎসকৰ গোটৰ দ্বাৰা ১৯৭০-ৰ দশকৰ মাজভাগত প্ৰথম প্ৰৱৰ্তিত হৈছিল। [15] বিশ্বাস কৰা হয় যে, গুৰুতৰ অৱসাদগ্ৰস্ততাৰ মুখ্য কাৰণ- বংশগতিজনিত কাৰক, পাৰিৱেশিক কাৰক আৰু মনোবৈজ্ঞানিক কাৰকৰ যুগপৎ প্ৰভাৱ। [1] তথ্যগতভাৱে, এই ব্যাধিৰ সৈতে জড়িত প্ৰায় ৪০% ঘটনাই বংশগতিজনিত কাৰকৰ প্ৰভাৱত সংঘটিত হয়। [3] ইয়াৰ সৈতে সংযুক্ত অন্যান্য হানি-কাৰকসমূহ হৈছে- ব্যাধিৰ পাৰিবাৰিক ইতিহাস, জীৱনত সংঘটিত গুৰুতৰ পৰিৱৰ্তন, কিছুমান ঔষধবিশেষৰ প্ৰয়োগ, দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যা, আৰু নিচাযুক্ত দ্ৰব্যৰ সেৱন। [1][3] এই ব্যাধিয়ে ৰোগগ্ৰস্ত ব্যক্তিৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱন, আন্তঃবৈক্তিক সম্পৰ্ক, কৰ্মজীৱন, শিক্ষা, শয়নচক্ৰ, খাদ্যাভাস, আৰু সামগ্ৰিক স্বাস্থ্যলৈ ঋণাত্মক প্ৰভাৱ বিস্তাৰ কৰে। [1][3] অৱসাদজনিত ব্যাধিত সম্প্ৰতি আৰু পূৰ্বতে আক্ৰান্ত ব্যক্তিসকল আনৰ পৰা হীনদৃষ্টিৰো সম্মুখীন হ'ব লগাত পৰে। [16]
অৱসাদ ব্যাধিগ্ৰস্ত ল'ৰা-ছোৱালীৰ মনোৱস্থা সাধাৰণতে বিমৰ্ষ হোৱাৰ পৰিৱৰ্তে বিৰক্তিপূৰ্ণ হোৱা দেখা যায়, [17] আৰু বয়স আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ভিন-ভিন লক্ষণ প্ৰদৰ্শন কৰিব পাৰে। [18] সৰহভাগ ল'ৰা-ছোৱালীয়েই বিদ্যালয়ৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ হেৰুৱায় আৰু তেওঁলোকৰ শৈক্ষিক ফলাফল অৱক্ষয়িত হ'বলৈ ধৰে। এনে ল'ৰা-ছোৱালী সাধাৰণতেই মইমতীয়া, দাবীকাৰী, নিৰ্ভৰশীল, বা নিৰাপত্তাহীনতা-বোধযুক্ত হিচাপে আখ্যায়িত হয়। [19] ৰোগ নিৰ্ণয় বিলম্বিত বা অপ্ৰাপ্ত হৈ ৰ'ব পাৰে, কিয়নো এনে লক্ষণবোৰ "সাধাৰণ মনোদশাত্মক" হিচাপে আখ্যায়িত হোৱাৰ আশংকা থাকে। "[17]