চহৰ
বৃহৎ আৰু স্থায়ী মানৱ বসতি / From Wikipedia, the free encyclopedia
চহৰ (ইংৰাজী: City) হ'ল অপেক্ষাকৃতভাৱে ডাঙৰ আৰু স্থায়ী নিবাস।[1][2] প্ৰায় একে অৰ্থ বুজোৱা নগৰ শব্দৰ পৰা চহৰক কেনেকৈ পৃথক কৰা হয়, সেই বিষয়ে ভিন্নমত আছে। অনেক চহৰৰ নিজস্ব প্ৰশাসন, ইতিহাস আৰু আইন থাকে।
সাধাৰণতে চহৰৰ নিজস্ব বিভিন্ন ব্যৱস্থা থাকে, যেনে: পয়োঃনিষ্কাশন, মাটিৰ ব্যৱহাৰ, ঘৰ, পৰিবহণ ইত্যাদি। চহৰৰ উন্নতিয়ে মানুহ আৰু ব্যৱসায়ৰ প্ৰসাৰ ঘটাত সহায় কৰে। চহৰ প্ৰায়েই গাঁওৰ দ্বাৰা পৰিবেষ্টিত থাকে। ইয়াত চাকৰিৰ সুযোগ-সুবিধাও বেছি থাকে। ক্ৰমান্নয়ে চহৰৰ আশে পাশে থকা এলেকাবোৰো চহৰৰ আওতালৈ আহে।