চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ
From Wikipedia, the free encyclopedia
চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ (ইংৰাজী: Charles Alexander Bruce; ১১ জানুৱাৰী ১৭৯৩ – ২৩ এপ্ৰিল ১৮৭১)[1][2] এগৰাকী ব্ৰিটিছ সৈনিক, অভিযানকাৰী আৰু লেখক। তেওঁক ভাৰতৰ চাহ উদ্যোগৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়।[3][4] তেওঁৰ ভাতৃ ৰবাৰ্ট ব্ৰুছে ১৮২৩ চনত অসমত অসম চাহ আৱিষ্কাৰ কৰিছিল। তেওঁ মৃত্যুৰ আগে আগে ভাতৃ চাৰ্লছক এই বিষয়ে অৱগত কৰিছিল।[5] ১৮২৪ চনৰ প্ৰথম ইংগ-বৰ্মী যুদ্ধত তেওঁ শদিয়াত আছিল। এই যুদ্ধত তেওঁক ব্ৰিটিছ সন্যৰ এটা বৰটোপ সম্বলিত জাহাজৰ গোটৰ সেনাধ্যক্ষ বনোৱা হৈছিল।[6]