চিগ্মণ্ড ফ্ৰয়েড
From Wikipedia, the free encyclopedia
চিগ্মণ্ড ফ্ৰয়েড (ইংৰাজী: Sigmund Freud; ৬ মে' ১৮৫৬ - ২৩ ছেপ্টেম্বৰ ১৯৩৯) হৈছে অষ্ট্ৰিয়াৰ এজন স্নায়ুচিকিৎসাবিজ্ঞানী তথা মনোবিশ্লেষণৰ উদ্ভাৱক, ই হৈছে ৰোগী আৰু মনোবিশ্লেষকৰ মাজত বাৰ্তালাপৰ জৰিয়তে মানসিক ৰোগৰ মূল্যাঙ্কন আৰু চিকিৎসা কৰাৰ এক ক্লিনিকেল পদ্ধতি।[2] মনস্তত্ত্বক, দৰ্শনৰ পৰা এটা পৃথক বিষয় হিচাবে চিহ্নিত কৰি ইয়াক গুৰুত্বপূৰ্ণ অধ্যয়নৰ বাবে প্ৰতিষ্ঠা কৰে চিগ্মণ্ড ফ্ৰয়েডে। ইয়াৰ আগলৈকে অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ বিষয় হিছাপে মনস্তত্ত্বৰ বিশেষ স্থান নাছিল। কিন্তু ১৯ শতিকাৰ শেষৰ ফালে চিগ্মণ্ড ফ্ৰয়েডে মানুহৰ মন আৰু শৰীৰৰ মাজৰ কিছুমান সূক্ষ্ম সম্পৰ্কৰ ওপৰত চলোৱা গৱেষণাৰ অন্তত মনস্তত্ত্ব এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিছাপে প্ৰতিষ্ঠিত হয়। ইয়াৰ পিছত কুৰি শতিকাৰ আৰম্ভণিৰে পৰা বৰ্তমান কাললৈকে এই বিষয়টোৰ ওপৰত হোৱা বহুল চিন্তা-চৰ্চা আৰু গৱেষণা আদিৰ ফলস্বৰূপে আজি আমি দেখিবলৈ পাইছো বিশ্বৰ লক্ষ্য লক্ষ্য মানসিক ৰোগী আৰু মানসিকভাৱে অক্ষম লোকৰ ক্ষেত্ৰত এই বিষয়টোৰ কাৰ্যকাৰিতা।
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
চিগ্মণ্ড ফ্ৰয়েড | |
---|---|
চিগ্মণ্ড ফ্ৰয়েড, ১৯২১ | |
জন্ম | চিগ্মণ্ড স্ক'ল'ম' ফ্ৰয়েড (Sigismund Schlomo Freud) ৬ মে', ১৮৫৬ মাহৰেন(Mähren)ৰ ফ্ৰেইবাৰ্গ (Freiberg), ম'ৰাভিয়া(Moravia) (এতিয়া চেক গণৰাজ্যৰ এক অংশ), অষ্ট্ৰিয়ান সাম্ৰাজ্য |
মৃত্যু | ২৩ ছেপ্টেম্বৰ, ১৯৩৯ লণ্ডন, ইংলেণ্ড |
বাসস্থান | অষ্ট্ৰিয়া |
জাতীয়তা | অষ্ট্ৰিয়ান |
ক্ষেত্ৰ | স্নায়ুবিদ্যা(Neurology) মানসিক চিকিৎসা(Psychotherapy) মনঃসমীক্ষণ(Psychoanalysis) |
কৰ্মস্থান | ভিয়েনা বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | ভিয়েনা বিশ্ববিদ্যালয় |
জনা যায় | মনঃসমীক্ষণ(Psychoanalysis) |
প্ৰভাৱ | এৰিষ্ট'টল, ফ্ৰেঞ্জ ব্ৰেনটান'(Franz Brentano), যোচেফ ব্ৰিয়'ৰ(Josef Breuer), জিন-মাৰ্টিন চাৰ্ক'ট(Jean-Martin Charcot), চাৰ্লচ ডাৰউইন(Charles Darwin), আৰনেষ্ট হেকেল(Ernst Haeckel), এডৱাৰ্ড ভ'ন হাৰ্টমেন(Eduard von Hartmann), জন হুগলিঞ্চ জেকচন(John Hughlings Jackson), জে.পি. জেকবচেন(J.P. Jacobsen), জুলিয়াছ ৰবাৰ্ট ভ'ন মেয়াৰ(Julius Robert von Mayer), প্লেট', ৱিলিয়াম শ্বেক্সপীয়েৰ |
প্ৰভাৱান্বিত কৰিছে | Eugen Bleuler, John Bowlby, Viktor Frankl, Anna Freud, Erich Fromm, Otto Gross, Karen Horney, Arthur Janov, Ernest Jones, Carl Jung, Melanie Klein, Jacques Lacan, Fritz Perls, Otto Rank, Wilhelm Reich |
উল্লেখনীয় বঁটা | গ'য়েথ পুৰস্কাৰ(Goethe Prize) ফ'ৰেইন মেম্বাৰ অফ্ দা ৰয়েল চ'চাইটি(Foreign Member of the Royal Society), লণ্ডন[1] |
স্বাক্ষৰ |