চিৰ চেনেহী মোৰ ভাষা জননী
অসম সাহিত্য সভাৰ আদৰণি গীত / From Wikipedia, the free encyclopedia
চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত।[1] ইয়াৰ ৰচক হ'ল সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া সাহিত্যিক সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত। যোৰহাটৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ শৰ্মাই এই গীতৰ স্বৰলিপি সৃষ্টি কৰিছিল। অসম সাহিত্য সভাৰ অধিবেশনৰ সকলো অনুষ্ঠানৰ আৰম্ভণিতে এই গীত পৰিবেশন কৰা হয়। সভাৰ বাহিৰে আন অনুষ্ঠানত এই গীত পৰিবেশন কৰাৰ অনুমতি নাই।[1][2]