চি এন আৰ ৰাও
ভাৰতীয় ৰসায়নবিজ্ঞানী / From Wikipedia, the free encyclopedia
চিন্তামণি নাগেশা ৰামচন্দ্ৰ ৰাও (চি. এন. আৰ. ৰাও হিচাপে প্ৰখ্যাত; ইংৰাজী: Chintamani Nagesa Ramachandra Rao; কন্নড়: ಚಿಂತಾಮಣಿ ನಾಗೇಶ ರಾಮಚಂದ್ರ ರಾಯ; জন্ম: ৩০ জুন ১৯৩৪) হৈছে এজন বিখ্যাত ভাৰতীয় ৰসায়নবিজ্ঞানী। তেওঁ মুখ্যতঃ কঠিন-অৱস্থা আৰ গাঁথনিক ৰসায়ন (structural chemistry) বিষয়ত কৰ্মৰত। ৰাও বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বৈজ্ঞানিক উপদেষ্টা পৰিষদৰ প্ৰধান। ২০১৩ চনৰ ১৬ অক্টোবৰত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন চি এন আৰ ৰাওক প্ৰদান কৰা সম্পৰ্কে ঘোষণা কৰে।[1][2]
ক্ষিপ্ৰ তথ্য চিন্তামাণি নাগেশা ৰামচন্দ্ৰ ৰাও, জন্ম ...
চিন্তামাণি নাগেশা ৰামচন্দ্ৰ ৰাও | |
---|---|
জন্ম | ৩০ জুন, ১৯৩৪ (৮৯ বছৰ) বাংগালোৰ, কৰ্ণাটক, ভাৰত |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | ৰসায়ন বিজ্ঞান |
কৰ্মস্থান | ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কানপুৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান অক্সফ'ৰ্ড বিশ্ববিদ্যালয় কেমব্ৰিজ বিশ্ববিদ্যালয় কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়, ছাণ্টা বাৰবাৰা জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ |
শিক্ষানুষ্ঠান | বেনাৰস হিন্দু বিশ্ববিদ্যালয় পাৰডিউ বিশ্ববিদ্যালয় |
জনা যায় | কঠিন-অৱস্থাৰ ৰসায়ন আৰু বস্ত বিজ্ঞান |
উল্লেখনীয় বঁটা | হুগছ মে'ডেল (২০০০) ভাৰত বিজ্ঞান পুৰস্কাৰ (২০০৪) এফ আৰ এছ(১৯৮৪) আব্দুছ চালাম মে'ডেল (২০০৮) ডান ডে'ভিদ পুৰস্কাৰ (২০০৫) লীজ'ন সন্মান (২০০৫) পদ্মশ্ৰী পদ্মবিভূষণ |
বন্ধ কৰক