চে গোৱেৰা
From Wikipedia, the free encyclopedia
আৰ্নেষ্ট' "চে" গোৱেৰা (ইংৰাজী: Ernesto "Che" Guevara; ১৪ জুন ১৯২৮[3] – ৯ অক্টোবৰ ১৯৬৭) আছিল এজন আৰ্জেণ্টেনীয় মাৰ্ক্সবাদী, বিপ্লৱী, চিকিৎসক, গ্ৰন্থকাৰ, গেৰিলা নেতা, কূটনীতিজ্ঞ, আৰু সামৰিক তত্ত্ববিদ। কিউবাৰ বিপ্লৱৰ এক অগ্ৰগণ্য নেতা।[4]
চে গোৱেৰা | |
---|---|
গুৱেৰিলেৰো হিৰ'ইকি ১৯৬০ চনৰ ৫ মাৰ্চত এলবাৰ্ট' কৰ্ডাই লা কাব'ৰ স্মৃতিচাৰণ সেৱাত গ্ৰহণ কৰা আলোকছবি | |
জন্ম | আৰনেষ্টো গোৱেৰা ১৪ জুন, ১৯২৮[1] ৰ'ছাৰিঅ', ছাণ্টা ফে প্ৰদেশ, আৰ্জেণ্টিনা |
মৃত্যু | ৯ অক্টোবৰ, ১৯৬৭ (৩৯ বছৰ) লা হিগোৱেৰা, ভালেগ্ৰাণ্ডে প্ৰদেশ, ব'লিভিয়া |
মৃত্যুৰ কাৰণ | বন্দুকৰ গুলীত নিহত |
সমাধিস্থল | চে গোৱৈৰা সমাধিস্থল ছাণ্টা ক্লেৰা,কিউবা |
শিক্ষানুষ্ঠান | বুৱেনছ এয়াৰছ বিশ্ববিদ্যালয় |
পেচা | চিকিৎসক, লেখক, গেৰিলা,চৰকাৰী বিষয়া |
সংস্থা | ২৬ জুলাইৰ আন্দোলন, কিউবান সামাজিক বিপ্লৱৰ সংযুক্ত দল,[2] ৰাষ্ট্ৰীয় মুক্তি বাহিনী(ব'লিভিয়া) |
জনা যায় | গোৱেৰাবাদ |
দাম্পত্যসঙ্গী | হিল্দা গাডেই (বি. ১৯৫৫; বিবি. ১৯৫৯) আলেইডা মাৰ্চ (বি. ১৯৫৯) |
পিতৃ-মাতৃ | আৰ্নেষ্টো গোৱেৰা লিন্স চেলিয়া দি লা ছাৰ্না ৱাই ল'ছা |
সন্তান | হিল্দা(১৯৫৬-১৯৯৫) আলেইডা(১৯৬০ত জন্ম) কেমিলো(১৯৬২ত জন্ম) চেলিয়া (১৯৬৩ত জন্ম) আৰ্নেষ্ট(১৯৬৫ত জন্ম) |
স্বাক্ষৰ | |
চিকিৎসা বিভাগৰ ছাত্ৰ হৈ থকা সময়ত গোৱেৰাই সমগ্ৰ দক্ষিণ আমেৰিকা ভ্ৰমণ কৰিছিল আৰু জনতাৰ দৰিদ্ৰতা, ক্ষুধা আৰু যন্ত্ৰণা দেখি অত্যন্ত পীড়িত হৈছিল।[5]
গোৱেৰাই ৰাউল আৰু ফিডেল কাষ্ট্ৰ'ৰ সাক্ষাৎ লভি তেওঁলোকে ২৬ জুলাইৰ আন্দোলনত সহযোগ কৰিছিল আৰু কিউবালৈ গৈ আমেৰিকা-সমৰ্থিত একনায়ত্ববাদী কিউবাৰ শাসক ফালগেনচিঅ' বাটিষ্টাক উৎখাত কৰিবলৈ চেষ্টা কৰিছিল।[6] বিদ্ৰোহৰ কালছোৱাত খুব কম সময়ৰ ভিতৰতে গোৱেৰাৰ উত্থান হৈ সহকাৰী অধিনায়কৰ পদত অধিষ্ঠিত হয় আৰু দুবছৰজোৰা সফল গেৰিলা অভিযানৰ নেতৃত্ব দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উল্লেখ্য যে, এই বিদ্ৰোহৰ অন্তত বাটিষ্টা-সাম্ৰাজ্য সিংহাসনচ্যুত হয়।[7]