চৰাই
কণী পৰা, ডেউকা থকা, উষ্ণৰক্তী, এবিধ দুঠেঙীয়া মেৰুদণ্ডী প্ৰাণী / From Wikipedia, the free encyclopedia
চৰাইৰ (ইংৰাজী: Bird) বৈজ্ঞানিক সংজ্ঞা হ’ল “কণী পৰা, ডেউকা থকা, উষ্ণৰক্তী, এবিধ দুঠেঙীয়া মেৰুদণ্ডী প্ৰাণী”। সকলো মিলাই বৰ্তমান প্ৰায় ১০,০০০টা প্ৰজাতি, পৃথিৱীৰ সকলো জলবায়ুতে, মেৰু অঞ্চলৰ পৰা এণ্টাৰ্কটিকালৈক, বসবাস কৰা দেখা যায়। চৰাই জাতিৰ আকাৰ ২ ইঞ্চিৰ “হামিং বাৰ্ড” ৰ পৰা প্ৰায় ৯ ফুটৰ ঊট পক্ষীলৈকে হ'ব পাৰে।
চৰাই সাময়িক পৰিসৰ: Late Jurassic–Recent, ১৫০–০ নিযুত বছৰ প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
The diversity of modern birds. | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
অধিজগৎ: | সংকোষকেন্দ্ৰী |
ৰাজ্য: | প্ৰাণী |
ক্লেড: | Avialae |
শ্ৰেণী: | Aves Linnaeus, 1758[1] |
Subclasses | |
And see text |
আধুনিক চৰাই সমূহৰ প্ৰধান বৈশিষ্ট্য হ’ল, ডেউকা, ঠোঁট, টান-খোলাৰ কণী পৰা, চাৰি-কোঠালিৰ হৃদযন্ত্ৰ তথা উচ্চ পাচন-হাৰ (metabolic rate)। চৰাইৰ সকলো প্ৰজাতিৰে ডেউকা আছে। চৰাইৰ ডেউকা প্ৰকৃততে ইয়াৰ আগঠেঙৰ ৰূপান্তৰিত ৰূপ। উৰিব নোৱাৰা চৰাইৰ উদাহৰণ হ’ল, ৰেটিটছ (ratites), পেংগুইন (penguins) আৰু নানা দ্বীপবাসী চৰাই সমূহ। চৰাইৰ পাচন-যন্ত্ৰ তথা শ্বাসযন্ত্ৰও উৰিবৰ বাবে বিশষভাৱে ৰূপান্তৰিত হৈছে। চৰাইৰ বহুতো প্ৰাজাতিয়ে বহু দীঘলীয়া দুৰত্ব অতিক্ৰম কৰি পৰিভ্ৰমণ কৰে। চৰাই সামাজিক জীৱ। নানা ধৰণৰ সংকেত তথা মাতেৰে পৰস্পৰে পৰস্পৰৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে।