ছাৰোগেছি
এগৰাকী মহিলাই আন এক দম্পতীৰ বাবে কৰা গৰ্ভধাৰণৰ এক ব্যৱস্থা / From Wikipedia, the free encyclopedia
ছাৰোগেছি বা মাতৃ প্ৰতিনিধিত্ব (ইংৰাজী: surrogacy) হৈছে এক আইনী চুক্তিৰ দ্বাৰা সমৰ্থিত ব্যৱস্থা যাৰ দ্বাৰা এগৰাকী মহিলাই (ছাৰোগেট মাতৃ) নিজৰ গৰ্ভত আন এটা দম্পতীৰ হৈ এটা সন্তান বহন আৰু প্ৰসৱ কৰিব পাৰে।[1] দুই প্ৰকাৰৰ ছাৰোগেছি আছে: আংশিক (জেনেটিক), আৰু সম্পূৰ্ণ (গৰ্ভধাৰণ)। আংশিক ছাৰোগেছিত চাৰোগেট মাতৃৰ বংশানু শিশুটোৰ গাত থাকে, কিয়নো গৰ্ভধাৰণ সাধাৰণতে পিতৃৰ শুক্ৰাণু আৰু ছাৰোগেট মাতৃৰ ডিম্বাণু সংযোগ কৰি কৃত্ৰিমভাৱে গৰ্ভধাৰণ ঘটোৱা হয়। সম্পূৰ্ণ ছাৰোগেছিত, শিশুটোৰ মূল অভিভাৱক এহাল পৃথক দম্পতী আৰু আইভিএফ (In vitro fertilisation) প্ৰজনন কৌশলৰ জৰিয়তে ছাৰোগেট মাতৃৰ গৰ্ভত কৃত্ৰিমভাৱে দম্পতীহালৰ শুক্ৰাণু আৰু ডিম্বাণুৰ সংযোগ ঘটোৱা হয়।[2]
সাধাৰণতে, ১০ টাৰ মাজত ১টা দম্পতী বন্ধ্যাত্বত ভোগিব পাৰে।[3] অৱশ্যে, বন্ধ্যাত্বৰ হাৰ দেশসমূহৰ মাজত পৃথক হয়, < ৫% ৰ পৰা > ৩০%, তেওঁলোকৰ বেছিভাগেই উন্নয়নশীল দেশসমূহত বাস কৰে।[4] কিছুমানে ডিম্বস্ফোটন অন্তৰ্ভুক্তিৰ (ovulation induction) দৰে চিকিৎসা কৰে, আনহাতে আন কিছুমানে আইভিএফৰ দৰে সহায়ক প্ৰজনন কৌশল ব্যৱহাৰ কৰে। আন বহুতে এই সকলোবোৰ চেষ্টা কৰা স্বত্বেও নিসন্তান হৈ থাকে। এই গোটটোৰ দুটা বিকল্প বাকী থাকে: হয় শিশু গ্ৰহণ কৰা (শিশু তুলি লোৱা) বা ছাৰোগেছিৰ সহায় লোৱা। শিশু গ্ৰহণ কৰাটো কঠিন আৰু ইয়াৰ আইনমতে বহুতো নিয়ম আছে। কিছুমান অনুৰ্বৰ দম্পতীয়ে তেওঁলোকৰ সন্তানৰ সৈতে 'জেনেটিক লিংক'বা বংশানু সংযোগ ৰাখিবলৈ পছন্দ কৰে। সেয়েহে ছাৰোগেছিৰ দ্বাৰা এই সমস্যাবোৰৰ কিছুমান সমাধান কৰিব পাৰি।[5]