ছিক্কিম
উত্তৰ-পূব ভাৰতৰ ৰাজ্য / From Wikipedia, the free encyclopedia
ছিক্কিম (ইংৰাজী: Sikkim; শুনক) হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ছিক্কিমৰ জনসংখ্যা আৰু মাটিকালি ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত গোৱাৰ পিছতেই আটাইতকৈ কম।[1] ছিক্কিম নামজ্ঞাল ৰাজবংশৰ দ্বাৰা শাসিত এখন স্বাধীন ৰাষ্ট্ৰ আছিল। কিন্তু প্ৰশাসনিক সমস্যাৰ ফলত হোৱা এক জনমতৰ পিছত ই ভাৰতবৰ্ষৰ লগত মিলি যায়। ইয়াৰ ফলতেই ছিক্কিমত ৰাজতন্ত্ৰৰ অন্ত তথা ইয়াত ভাৰতীয় সংবিধানৰ নিয়ম-প্ৰণালীৰ মতে এখন ৰাজ্যলৈ পৰিৱৰ্তন হয়।
ছিক্কিম | |||
---|---|---|---|
— ৰাজ্য — | |||
(ওপৰৰ পৰা বাওঁফাললৈ) বুদ্ধ উদ্যান, ৰাভাংলা; এটা মঠত সন্ন্যাসী; কাঞ্চনজংঘা; গুৰুডংমাৰ হ্ৰদ; ৰুমটেক মঠ; টেমি চাহ বাগিচা | |||
|
|||
ভাৰতবৰ্ষত ছিক্কিমৰ অৱস্থান | |||
ছিক্কিমৰ ভূচিত্ৰাৱলী | |||
ভৌগোলিক স্থানাংক (গেংটক): 27.33°N 88.62°E / 27.33; 88.62 | |||
দেশ | ভাৰত | ||
প্ৰতিষ্ঠা | ১৬ মে', ১৯৭৫ | ||
ৰাজধানী | গেংটক | ||
জিলা | ৪ | ||
চৰকাৰ | |||
- ৰাজ্যপাল | |||
- মুখ্য মন্ত্ৰী | |||
- বিধান সভা (আসন) | এককক্ষীয় (৩২ খন) | ||
মাটিকালি | |||
- মুঠ | ৭,০৯৬ কি.মি.২ (২,৭৩৯.৮ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ২৭তম | ||
জনসংখ্যা (২০১১) | |||
- মুঠ | ৬,০৭,৬৮৮ জন | ||
- স্থান | ২৮তমতম | ||
- জনঘনত্ব | ৮৫.৬ প্ৰতি বৰ্গ কি.মি. (২২১.৮ প্ৰতি বৰ্গ মাইল) |
||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-SK | ||
মানব বিকাশ সূচাংক (HDI) | 0.684 (মধ্যম) | ||
মানব বিকাশ সূচাংকস্থান | ৭ তম (২০০৫) | ||
সাক্ষৰতা হাৰ | ৭৬.৬% (সপ্তম) | ||
চৰকাৰী ভাষা | নেপালী, ভূটিয়া, লেপছা (১৯৭৭ পৰা), লিম্বু (১৯৮১ পৰা), নেৱাৰী, ৰায়, গুৰুঙ, মাংগাৰ, শ্বেৰ্পা, তামাঙ (১৯৯৫পৰা) আৰু ছুনৱাৰ (১৯৯৬পৰা) | ||
ৱেবছাইট | sikkim.gov.in |
এই ৰাজ্যৰ পশ্চিমে নেপাল, উত্তৰ আৰু পূব দিশত তিব্বত, দক্ষিণ-পূবে ভূটান আৰু দক্ষিণে পশ্চিমবংগ ৰাজ্য অৱস্থিত।[2] ভাৰতবৰ্ষৰ ছিক্কিম হৈছে এনে এক ৰাজ্য য'ত নেপালী সম্প্ৰদায় মানুহৰ সংখ্যা সকলোতকৈ বেছি।[3] ইয়াত ১১টাকৈ চৰকাৰী ভাষা ব্যৱহৃত হয়- নেপালী, লেপছা, ভূটিয়া, লিম্বু, নেৱাৰী, ৰায়, গুৰুঙ, মাংগাৰ, শ্বেৰ্পা, তামাঙ আৰু ছুনৱাৰ।[4][5] স্কুল সমূহত শিক্ষাৰ মাধ্যম হিচাপে আৰু চৰকাৰী নথি-পত্ৰত ইংৰাজী ব্যৱহৃত হয়। গেংটক হৈছে ছিক্কিমৰ ৰাজধানী আৰু ইয়াৰ আটাইতকৈ ডাঙৰ চহৰ।
শুনা যায় যে, বৌদ্ধ সন্ন্যাসী গুৰু ৰিম্পৌচেয়ে নৱম শতিকাত ছিক্কিম ভ্ৰমণ কৰি বৌদ্ধ ধৰ্ম আৰু ৰাজতন্ত্ৰৰ প্ৰচাৰ চলাইছিল। ১৬৪২ চনত নামজ্ঞাল ৰাজবংশৰ প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ ১৫০ বছৰৰ ভিতৰত এই ৰাজ্যখনত নেপালী আক্ৰমণকাৰীয়ে লুণ্ঠন তথা বহুতো প্ৰাদেশিক ক্ষতিসাধন কৰিছিল। ইয়াৰ পিছতেই এই ৰাজখনে ব্ৰিটিছ শাসকৰ লগত সম্বন্ধ স্থাপন কৰিছিল। কিন্তু কিছুদিন পিছতেই, তেওঁলোকে ছিক্কিমক নিজৰ শাসনলৈ আনি ইয়াক এখন ব্ৰিটিছ সংৰক্ষিত ৰাজ্যলৈ পৰিৱৰ্তন কৰিছিল। ১৯৭৫ চনৰ এক জনমতৰ পাছত ই এখন ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ লগত মিলি যায়।
পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ কাঞ্চনজংঘা, ছিক্কিমৰ উত্তৰ-পশ্চিম দিশত নেপালৰ সীমাৰ ওচৰত অৱস্থিত। ইয়াক ছিক্কিমৰ বহুতো ঠাইৰপৰা দেখা পোৱা যায়। হিন্দু আৰু বজ্ৰয়ান বৌদ্ধ ধৰ্মই হৈছে প্ৰধান ধৰ্ম। ইয়াৰ অৰ্থনৈতিক অৱস্থা কৃষি আৰু পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল।