জৰথুষ্ট্ৰবাদ
From Wikipedia, the free encyclopedia
জৰথুষ্ট্ৰবাদ (ফাৰ্চী: مزدیسنا ; ইংৰাজী: Zoroastrianism বা Zarathustraism ) বা পাৰ্চীবাদ (Magianism) (আৰু অনুগামীসকলৰ মাজত Magdayanism ) এটা প্ৰাচীন ইৰাণী একশ্বৰবাদী ধৰ্ম বা ধৰ্মীয় মতবাদ। ভাৰত উপমহাদেশত ইয়াক পাৰ্চী ধৰ্ম বুলিও জনা যায়। [1] জৰথুষ্ট্ৰ হৈছে জৰাথুষ্ট্ৰবাদ ধৰ্ম বা পাৰ্চী ধৰ্মৰ প্ৰতিষ্ঠাপক। তেওঁৰ নাম অনুযায়ী এই ধৰ্মক পৃথিৱীৰ বিভিন্ন ভাষাত "জোৰ'ষ্ট্ৰিয়ানবাদ" বা জৰাথুষ্ট্ৰবাদ বুলি কোৱা হয়। এই ধৰ্মত ঈশ্বৰক অহুৰ মাজদা বা আহুৰা মাজদা ("সৰ্বজ্ঞানী") বুলি কোৱা হয়। এই ধৰ্মৰ ধৰ্মগ্ৰন্থক আবেস্তা বা জেন্দাবেস্তা (জেন্দ আবেস্তা) বুলি কোৱা হয় ৷ পাৰ্চী ধৰ্মৰ অনুগামীসকল অগ্নি-পূজাৰী নহয় যদিও পাৰ্চী জৰাথুষ্ট্ৰবাদী সকলে অগ্নিৰ পবিত্ৰতাক ঈশ্বৰৰ পবিত্ৰতাৰ সৈতে তুলনাযোগ্য বুলি গণ্য কৰে। এই ধৰ্মীয় গ্ৰন্থৰ লগত ঋগবেদৰ বহু সাদৃশ্য আছে, গতিকে দুয়োটাৰে উৎপত্তি একেটা উৎসৰ পৰাই হোৱা বুলি বিশ্বাস কৰা হয়। ইহুদী আৰু খ্ৰীষ্টান ধৰ্মত জৰথুষ্ট্ৰক ঈশ্বৰে পঠোৱা এজন দূত বুলি গণ্য কৰা হয়।
এই ধৰ্মৰ অনুগামীৰ সংখ্যা ১ লাখ ৩০ হাজাৰ (প্ৰায়)।আনুষ্ঠানিকভাৱে জৰাথুষ্ট্ৰবাদী ধৰ্মত দীক্ষা ল’বলৈ নৱজোত (বা নওজোত) নামৰ এটা অনুষ্ঠান পালন কৰা হয়। সাত বছৰ বয়স হোৱাৰ আগতে কাৰো নৱজোত নহয়। কিন্তু নৱজোতৰ বয়সৰ কোনো উচ্চ সীমা নাই।