ডাৱৰ
From Wikipedia, the free encyclopedia
বতৰবিজ্ঞানৰ মতে ডাৱৰ বা মেঘ (ইংৰাজী: cloud) হৈছে কোনো গ্ৰহ বা তেনে স্থানৰ বায়ুমণ্ডলত ঘনীভূত হৈ থকা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ তৰল কণিকা, বৰফৰ স্ফটিক, বা অন্য পদাৰ্থৰ সমাহাৰ।[1] পানী নাইবা অন্য বহুধৰণৰ ৰসায়নৰ পৰা কণিকা আৰু স্ফটিক সৃষ্টি হ'ব পাৰে। পৃথিৱীত, বায়ু যেতিয়া হিমাংক পৰ্যায়লৈ ঠাণ্ডা হলে ঘনীভূত হৈ নাইবা বায়ুৰ আৰ্দ্ৰতা বৃদ্ধি পালে (সাধাৰণতে জলীয় বাষ্পৰ পৰিমাণ বৃদ্ধি পালে) এক উপযুক্ত উষ্ণতাত ঘনীভূত হৈ ডাৱৰৰ সৃষ্টি কৰে। ডাৱৰ পৃথিৱীৰ হ’মস্ফিয়াৰ (ইয়াত ট্ৰ’পস্ফিয়াৰ, ষ্ট্ৰেট’স্ফিয়াৰ আৰু মেজ’স্ফিয়াৰ অন্তৰ্ভুক্ত হৈ থাকে) অঞ্চলত দেখা পোৱা যায়।