ডিপথেৰীয়া
From Wikipedia, the free encyclopedia
ডিপথেৰীয়া বা ঘোঁৰা--শলখা Corynebacterium diphtheriae নামৰ বেক্টেৰিয়াবিধে কৰা এক সংক্ৰামক ৰোগ।[1] ৰোগৰ লক্ষণ আৰু চিহ্ন অলপীয়াৰ পৰা তীব্ৰ হ'ব পাৰে।[2] সাধাৰণতে বীজাণুৰ সংস্পৰ্শলৈ অহা দুইৰ পৰা পাঁচ দিনৰ পাছত ৰোগ আৰম্ভ হয়।[1] ডিঙি বেয়া লগা (sore throat) আৰু জ্বৰেৰে লক্ষণবোৰ আৰম্ভ হয়।[2] তীব্ৰ ৰোগত ডিঙিৰ ভিতৰত এখন ধোঁৱাবৰণীয়া বা বগা আৱৰণী গঢ়ি উঠে।[1][2] শ্বাসৰ পথ ৰুদ্ধ কৰি ই সজোৰ কাহৰ সৃষ্টি কৰিব পাৰে।[2] লসিকা গ্ৰন্থিবোৰ ডাঙৰ হৈ ডিঙি ফুলি উঠিব পাৰে।[1] ছাল, চক আৰু যৌনাংগ আক্ৰান্ত হোৱা এবিধ ডিপথেৰীয়াও দেখা যায়।[1][2] জটিলতাৰ ভিতৰত মায়'কাৰ্ডাইটিছ (হৃদপেশীৰ প্ৰদাহ), পেৰিফেৰেল নিউৰ'পেথী (স্নায়ুৰ প্ৰদাহ), বৃক্কৰ ৰোগ আৰু অণুচক্ৰিকা কমি ৰক্তক্ষৰণ হোৱা প্ৰধান।[1] মায়'কাৰ্ডাইটিছৰ ফলত হৃদস্পন্দনৰ খেলিমেলি হয় আৰু নিউৰ'পেথীৰ ফলত পক্ষাঘাত হ'ব পৰে।[1]
ডিপথেৰীয়া (Diphtheria) | |
---|---|
ডিপথেৰীয়াত ডিঙি ফুলি যাব পাৰে; চিকিৎসা বিজ্ঞানত ইয়াক bull neck (বলধৰ ডিঙি) বোলে।[1] | |
বিভাগ | সংক্ৰামক ৰোগ |
লক্ষণ | ডিঙি বেয়া লগা, জ্বৰ, খুব বেছি কাহ[2] |
আৰম্ভণি | সংস্পৰ্শৰ ২-৫ দিনৰ পাছত[1] |
কাৰণ | Corynebacterium diphtheriae (প্ৰত্যক্ষ সংস্পৰ্শ আৰু বতাহৰ জৰিয়তে বিয়পে)[1] |
ৰোগ নিৰূপণ | ডিঙিৰ পৰীক্ষা, অণুজীৱৰ কাল্চাৰ[2] |
প্ৰতিৰোধ | ডিপথেৰীয়া প্ৰতিষেধক[1] |
চিকিৎসা | প্ৰতিজৈৱিক, শ্বাসনলীত ছিদ্ৰ কৰা[1] |
পুনৰাবৃত্তি | ৪,৫০০ (২০১৫ চন)[3] |
মৃত্যু | ২,১০০ (২০১৫ চন)[4] |
ডিপথেৰীয়া সাধাৰণৰে মানুহৰ মাজৰ প্ৰত্যক্ষ সংস্পৰ্শৰে বা বতাহৰ যোগেৰে বিয়পে।[1][5] বীজাণুযুক্ত বস্তুৰ মাধ্যেমেৰেও ই বিয়পে।[1] কোনো লোকে লক্ষণ নোহোৱাকৈ বেক্টেৰিয়াবিধ কঢ়িয়াই ফুৰে আৰু আন ব্যক্তিক আক্ৰান্ত কৰিব পাৰে।[1] C. diphtheriaeৰ তিনিটা মূল প্ৰকাৰে ভিন ভিন প্ৰাবল্যৰ ৰোগ কৰে।[1] বেক্টেৰিয়াবিধে তৈয়াৰ কৰা এবিধ বিহৰ (exotoxin) ফলত লক্ষণবোৰে দেখা দিয়ে।[2] ডিঙিৰ অৱস্থালৈ চাই আৰু জীৱাণুৰ কাল্চাৰ কৰি ৰোগ ধৰা পেলাব পাৰি।[2] আগতে হোৱা সংক্ৰমণে ভৱিষ্যতৰ সংক্ৰমণক বাধা দিব নোৱাৰে।[2]
ডিপথেৰীয়া প্ৰতিষেধকে ৰোগ প্ৰতিৰোধ কৰিব পাৰে।[1] শিশুকালত ধনুষ্টংকাৰৰ প্ৰতিষেধক আৰু হুপিং কাহৰ প্ৰতিষেধকৰ লগত তিনি বা চাৰিবাৰ এই বেজী দিয়া হয়।[1] তাৰ পাছত প্ৰতি দহ বছৰত ডিপথেৰীয়া-ধনুষ্টংকাৰ প্ৰতিষেধক দিয়া উচিত।[1] তেজত এণ্টিটক্সিন ধৰা পেলাই প্ৰতিষেধকৰ কুশলতা নিৰ্ণয় কৰিব পাৰি।[1] এৰীথ্ৰ'মাইচিন বা বেঞ্জাইলপেনিচিলিন নামৰ প্ৰতিজৈৱিকেৰে ডিপথেৰীয়াৰ চিকিৎসা সম্ভৱ।[1] ইতিমধ্যে সংক্ৰমণ হোৱা ব্যক্তিৰো আগলৈ ৰোগ প্ৰতিৰোধৰ বাবে এই এণ্টিবায়'টিক ব্যৱহাৰ কৰিব পাৰি।[1] জটিল ৰোগত শ্বাসনলীত বাহিৰৰ পৰা ছিদ্ৰ (tracheotomy) কৰিবলগীয়া হয়।[2]
২০১৫ চনত বিশ্বজুৰি ৰোগীৰ সংখ্যা আছিল প্ৰায় ৪,৫০০। ১৯৮০ চনত এই সংখ্যা আছিল প্ৰায় ১,০০,০০০।[3] ১৯৮০ চনৰ আগতে বছৰি প্ৰায় ১০ লাখমান লোক ৰোগত আক্ৰান্ত হৈছিল বুলি অনুমান কৰা হয়।[2] বৰ্তমান ডিপথেৰীয়া ৰোগ বেছিকৈ চাহাৰা-নিম্ন আফ্ৰিকা, ভাৰত আৰু ইণ্ডোনেছিয়াত দেখা যায়।[2][6] ২০১৫ চনত ইয়াৰ ফলত ২,১০০ লোকৰ মৃত্যু ঘটিছিল। ১৯৯০ চনত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৮,০০০।[4][7] In areas where it is still common, children are most affected.[2] প্ৰতিষেধকৰ বহুল ব্যৱহাৰৰ ফলত উন্নত দেশসমূহত ডিপথেৰীয়া প্ৰায় নিচিহ্ন।[2][8] সংক্ৰমিত হোৱা ৫%ৰ পৰা ১০% লোকৰ মৃত্যু ঘটে।[1] হিপ'ক্ৰেটিছে খ্ৰী:পূ: পঞ্চম শতিকাতে এই ৰোগৰ বিৱৰণ দিছিল।[1] ১৮৮২ চনত এড্ৱিন ক্লেব্ছে বেক্টেৰিয়াবিধ চিনাক্ত কৰে।[1]