ডিমা হাছাও জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
ডিমা হাছাও জিলা (ইংৰাজী: Dima Hasao district (DHD); আগৰ নাম উত্তৰ কাছাৰ পাৰ্বত্য জিলা) অসমৰ এখন জিলা। ঐতিহাসিক ভাৱে ডিমাছা-কছাৰীসকলৰ বাসভূমি এই অঞ্চল ব্ৰিটিছ শাসনকালত অসমৰ নগাঁও জিলাৰ এটা মহকুমা হিচাপে গঠন কৰা হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত মিকিৰ-পাহাৰ আৰু উত্তৰ-কাছাৰ সংলগ্ন জিলা গঠন কৰা হয়। ১৯৫২ চনৰপৰা এই জিলাক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত জিলা হিচাপে গঢ় দিয়া হয়, আৰু জিলাৰ শাসন ভাৰ জিলা পৰিষদৰ হাতত অৰ্পণ কৰা হয়। ১৯৭০ চনত ইয়াক পূৰ্ণ জিলাৰ মৰ্য্যদা দিয়া হয়। বৰ্তমান জিলাৰ শাসন ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত আৰু জিলাখনৰ স্বায়ত্ত্ব শাসন পৰিষদে সকলো বিভাগ বিভাগৰ কাৰ্য্যভাৰ বহন কৰে।
ডিমা হাছাও জিলা উত্তৰ কাছাৰ পাৰ্বত্য জিলা |
|
---|---|
— জিলা — | |
Khobak Village.JPGডিমা হাছাও জিলাৰ “খোবাক” নামৰ গাঁখনৰ এটি দৃশ্য | |
ডিমা হাছাও জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
সদৰ | হাফলং |
মাটিকালি | |
- মুঠ | ৪,৮৯০ কি.মি.২ (১,৮৮৮ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ২,১৩,৫২৯ জন |
- জনঘনত্ব | ৪৪ প্ৰতি বৰ্গ কি.মি. (১১৪ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
ৱেবছাইট | nchills |
ডিমা হাছাও জিলা অসমৰ আটাইতকৈ কম জনবসতি ঘনত্বৰ জিলা। মূলতঃ ডিমাছা আৰু নগা জনগোষ্ঠীৰ লোক এই জিলাত সৰহ। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ জিলাখনত অসমৰ একমাত্ৰ পাৰ্বত্য-চহৰ হাফলং অৱস্থিত। হাফলং এই জিলাৰ সদৰ। ৰহস্যজনক চৰাইৰ মৃত্যুৰ বাবে চৰ্চিত ঠাই জাতিংগা এই জিলাতে অৱস্থিত। ‘ডিমা হাছাও’ ডিমাছা ভাষাৰ শব্দ, ইয়াৰ অৰ্থ ডিমাছা পৰ্বত।