তাৱাক্কল কাৰমান
From Wikipedia, the free encyclopedia
তাৱাক্কল আব্দেল-চালাম কাৰমান (জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৭৯) এগৰাকী য়েমেনৰ সাংবাদিক, ৰাজনীতিক আৰু য়েমেনৰ আল-ইছলাহ ৰাজনৈতিক দলৰ প্ৰবীণ সদস্য। তদুপৰি কাৰমান এগৰাকী মানবাধিকাৰ কৰ্মী হিচাপেও দীৰ্ঘদিন ধৰি কাম কাজ চলাই আছে। তেওঁ “ৱমেন জাৰ্ণালিষ্ট উইথআউট চেইন্স” নামৰ নাৰী সাংবাদিকদৰ এটি দলক নেতৃত্ব দিয়ে। ২০০৫ চনত তেওঁ এই অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল।[3] ২০১১ চনৰ য়েমেনৰ বিদ্ৰোহৰ সময়ত কাৰমান অন্তৰ্জাতিকভাৱে পৰিচিত হৈ পৰে। তেওঁক য়েমেনৰ জনগণে “লৌহ মানৱী” আৰু “বিদ্ৰোহৰ মাতৃ” বুলি অভিহিত কৰে।[4][5] তেওঁ ২০১১ চনৰ শান্তিৰ নোবেল বঁটা লাভ কৰে।[6] তেওঁ প্ৰথম য়েমেনীয় আৰু প্ৰথম আৰৱীয় নাৰী হিচাপে এই বঁটা লাভ কৰে।[7] তদুপৰি তেওঁ দ্বিতীয় মুছলমান নাৰী আৰু দ্বিতীয় সৰ্বকনিষ্ঠ ব্যক্তি হিচাপে নোবেল বঁটা লাভ কৰে।[8]
তাৱাক্কল কাৰমান Tawakkol Karman توكل كرمان | |
---|---|
স্থানীয় নাম | توكل كرمان |
জন্ম | ০৭ ফেব্ৰুৱাৰী, ১৯৭৯ (৪৫ বছৰ) তাজিজ, য়েমেন আৰৱ গণতন্ত্ৰ |
ৰাষ্ট্ৰীয়তা | য়েমেনী |
নাগৰিকত্ব | য়েমেনী/তুৰ্কী[1][2] |
শিক্ষানুষ্ঠান | চান্না বিশ্ববিদ্যালয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, য়েমেন |
পেচা | সাংবাদিক, ৰাজনৈতিক নেত্ৰী, মানৱ অধিকাৰ কৰ্মী |
ৰাজনৈতিক আন্দোলন | জেচমিন বিপ্লৱ |
ধৰ্ম | চুন্নি ইছলাম |
দাম্পত্যসঙ্গী | মহম্মদ আল নেহমি |
পিতৃ-মাতৃ | আব্দুলচালাম খালেদ কাৰমান (পিতৃ) অনিশ হুছেইন আল আচ্ছাদি (মাতৃ) |
সন্তান | তিনি |
আত্মীয়-স্বজন | ইশ্ৰাক কাৰমান (ভগ্নী) এন্তেছাৰ কাৰমান (ভগ্নী) মহম্মদ কাৰমান (ভাতৃ) খালেদ কাৰমান (ভাতৃ) হাকিমাহ কাৰমান (ভগ্নী) তাৰিক কাৰমান (ভাতৃ) খাদেজাহ কাৰমান (ভগ্নী) হুডা কাৰমান (ভগ্নী) চাফা কাৰমান (ভগ্নী) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শান্তিৰ নোবেল বঁটা (২০১১) |
২০০৫ চনত সাংবাদিক হিচাপে কাৰমান য়েমেনত পৰিচিত হৈ উঠে। তাৰ লগতে তেওঁ এক মোবাইল ফোন সংবাদ সেৱাৰ প্ৰবক্তা আছিল। ২০০৭ চনত এই মোবাইল ফোন সংবাদ সেৱাৰ লাইচেন্স বাতিল কৰা হয়। তাৰপিছত তেওঁ গণমাধ্যমৰ স্বাধীনতাৰ পক্ষে আন্দোলন আৰম্ভ কৰে। ২০০৭ চনৰ মে মাহত কাৰমান সাপ্তাহিকভাবে প্ৰতিবাদ সভাৰ আয়োজন কৰে। একসময়তে তেওঁ এই প্ৰতিবাদৰ মাধ্যমৰে গণমাধ্যমৰ সংস্কাৰৰ দাবী তোলে।[9] তেওঁ আৰৱ বিদ্ৰোহৰ সপক্ষেও বিদ্ৰোহ কৰে। তেওঁ য়েমেনৰ ৰাষ্ট্ৰপতি আলি আবদুল্লাহ চালেহৰ বিপক্ষে প্ৰবল প্ৰতিবাদী হৈ পৰে।