ধৰাসন সত্যাগ্ৰহ
From Wikipedia, the free encyclopedia
ধৰাসন সত্যাগ্ৰহ (ইংৰাজী: Dharasana Satyagraha) হ’ল, ব্ৰিটিছ চৰকাৰে আৰম্ভ কৰা নিমখ কৰৰ বিৰুদ্ধে ১৯৩০ চনৰ মে’ মাহত ভাৰত উপমহাদেশত হোৱা এক প্ৰতিবাদী আন্দোলন। লোণ আইন অমান্য আন্দোলনৰ অংশ ৰূপে দাণ্ডিলৈ হোৱা পদযাত্ৰা সমাপ্ত হোৱাৰ পিছত, ব্ৰিটিছ শাসনৰ বিৰুদ্ধে পৰৱৰ্তী প্ৰতিবাদ ৰূপে মহাত্মা গান্ধীয়ে গুজৰাটত ধৰাসন নিমখ আন্দোলনৰ ৰূপত এক অহিংস প্ৰতিবাদ আৰম্ভ কৰে। ধৰাশন সত্যাগ্ৰহত শ শ সত্যাগ্ৰহীয়ে অংশগ্ৰহণ কৰিছিল, যাক ব্ৰিটিছ কমাণ্ডৰ অধীনত সৈন্যৰ দ্বাৰা মাৰ-পিত কৰি অত্যাচাৰ কৰা হৈছিল। এই প্ৰচাৰে ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰতি বিশ্বৰ মনোযোগ আকৰ্ষণ কৰে আৰু ভাৰতত ব্ৰিটিছ শাসনৰ বৈধতা সম্পৰ্কে প্ৰশ্ন উত্থাপন হয়। আন্তৰ্জাতিক মনোযোগৰ লগতে, ধৰাসনত ব্ৰিটিছ বিষয়াসকলৰ হিংসাত্মক আচৰণৰ বাবে ঔপনিৱেশিক চৰকাৰৰ প্ৰতি সাধাৰণ ঘৃণাৰ সৈতে, ভাৰতীয় স্বাধীনতা আন্দোলনে ভাৰতীয় জনসাধাৰণৰ পৰাও ব্যাপক সমৰ্থন লাভ কৰিছিল।
ভাৰতৰ স্বাধীনতা আন্দোলন | |||||||
---|---|---|---|---|---|---|---|
|
|||||||
যুজাৰু | |||||||
ভাৰতীয় জাতীয় কংগ্ৰেছ | ইণ্ডিয়ান ইম্পেৰিয়েল পুলিচঅ | ||||||
কমাণ্ডাৰ আৰু দলপতিসকল | |||||||
সৰোজিনী নাইডু | ব্ৰিটিছ বিষয়া (নাম উল্লেখ নাই) | ||||||
সৈন্য শক্তি | |||||||
২,৫০০ | ৪০০ (৬ জন ব্ৰিটিছ বিষয়াক ধৰি লৈ) | ||||||
ক্ষয়ক্ষতিৰ পৰিমাণ | |||||||
২ জনৰ মৃত্যু
৩২০ জন আঘাতপ্ৰাপ্ত (সাংবাদিক ৱেব মিলাৰৰ মতে) | নাই |