নতুনেৰ গান
From Wikipedia, the free encyclopedia
নতুনেৰ গান (বঙালী: নতুনের গান, ইংৰাজী: The Song of Youth) হ'ল ১৯২৯ চনত বাংলাদেশৰ জাতীয় কবি কাজী নজৰুল ইছলামৰ দ্বাৰা ৰচিত তথা সুৰাৰোপিত সন্ধ্যা কাব্যগ্ৰন্থৰ অন্তৰ্গত এটা গান। দাদৰা তালৰ এই সংগীতটো ১৯৭২ চনৰ ১৩ জানুৱাৰীত অনুষ্ঠিত বাংলাদেশৰ তৎকালীন মন্ত্ৰীসভাৰ প্ৰথম বৈঠকত বাংলাদেশৰ ৰণ-সংগীত হিচাপে নিৰ্বাচন কৰা হয়।[1] বাংলাদেশৰ যিকোনো সামৰিক অনুষ্ঠানত এই গানটোৰ প্ৰথম ২১ শাৰী যন্ত্ৰসংগীতত বজোৱা হয়।[2][3] “নতুনেৰ গান” শিৰোনামাত গানটো শিক্ষা কাকতত প্ৰথমে প্ৰকাশিত হয়। তাৰ পাছত সন্ধ্যা কাব্যগ্ৰন্থৰ অন্তৰ্ভুক্ত হয়। দ্যা ডেইলি ষ্টাৰে এই গানটোক জাতীয় মিলিটাৰী গান হিচাপে স্বীকৃতি দিছে।[4]
ক্ষিপ্ৰ তথ্য ইংৰাজী শীৰ্ষক: The Song of Youth, গীতিকাৰ ...
ইংৰাজী শীৰ্ষক: The Song of Youth | |
---|---|
Natunēra gāna | |
বাংলাদেশৰ জাতীয় (ৰণ) সংগীত | |
গীতিকাৰ | কাজী নজৰুল ইছলাম, ১৯২৮ |
সুৰকাৰ | কাজী নজৰুল ইছলাম, ১৯২৮ |
গ্ৰহণৰ তাৰিখ | ১৩ জানুৱাৰী ১৯৭২ |
বন্ধ কৰক