নাস্তিকতা
ভগৱানৰ অস্তিত্বৰ ওপৰত থকা বিশ্বাসক বৰ্জন কৰা / From Wikipedia, the free encyclopedia
নাস্তিকতা (ইংৰাজী: Atheism)-ৰ বহল অৰ্থ হ'ল ভগৱানৰ অস্তিত্বৰ ওপৰত থকা বিশ্বাসক বৰ্জন কৰা।[1][2] ইয়াৰ সংকীৰ্ণ অৰ্থ হৈছে যে সেই বিচাৰধাৰা যাৰ মতে কোনোধৰণৰ ভগৱান বা অলৌকিক শত্তিৰ অস্তিত্ব নাই।[3][4][5] সকলোতকৈ উদাৰ অৰ্থ হ'ল ভগৱানৰ অস্তিত্ব থকা বুলি কোনো বিশ্বাসৰ অনুপস্থিতি।[4][5][6][7] নাস্তিকতাৰ বিপৰীত হৈছে আস্তিকতা,[8][9] যাৰ সকলোতকৈ সাধাৰণ অৰ্থ হৈছে যে ন্যূনতম এজন ভগৱানৰ অস্তিত্ব আছে।[9][10]
নাস্তিকতা বিষয়ক সাধাৰণ ধাৰনা
ধৰ্ম • অআস্তিক্যবাদ • অনাস্তিকতা ইতিহাস
নাস্তিকতাৰ ইতিহাস যুক্তি
ঈশ্বৰৰ অস্তিত্বৰ বিপক্ষে পৰিসংখ্যান
নাস্তিকতা |
---|
নাস্তিকতা চ’ৰা • প্ৰ • আ • স |
নাস্তিকতা শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'atheism', যাৰ উৎস গ্ৰীক ভাষাত ἄθεος (atheos), যাৰ মানে "ভগৱান অবিহনে। " ই এক তিৰস্কাৰমূলক শব্দ যি এনেলোকৰ বাবে ৱ্যবহাৰ কৰা হয় যিসকলে সমাজৰ বৃহৎ অংশই বিশ্বাস কৰা ভগৱানক নাকচ কৰে। কিন্তু মুক্ত চিন্তা, সন্দেহমূলক অনুসন্ধান আৰু পৰৱৰ্তী সময়ত বৃদ্ধি হোৱা ধৰ্মৰ সমালোচনাৰ বাবে ইয়াৰ ব্যৱহাৰৰ পৰিশীমা সংকীৰ্ণ হৈ গৈছে।
নাস্তিকতাৰ সপক্ষে বিভিন্ন যুক্তি সামাজিকৰ পৰা আৰম্ভ কৰি বুৰঞ্জী বিদ্যা আদি দিশৰ পৰা দিয়া হৈছে। ভগৱান বা কোনো অলৌকিক শত্তিৰ ওপৰত নথকা বিশ্বাসৰ বিভিন্ন কাৰণৰ মূল কাৰণ সমূহ হ'ল পৰীক্ষা-লব্ধ প্ৰমাণৰ (Empirical Evidence) অভাৱ ,[11][12] অনৈতিকতাৰ সমস্যা (Problem of Evil), সংগতিহীন প্ৰকাশনৰ পৰা যুক্তি (Argument from inconsistent revelations), আৰু অবিশ্বাসৰ পৰা যুক্তি (argument from nonbelief)।[11][13] যদিও কিছু সংখ্যক নাস্তিকে ধৰ্মনিৰপেক্ষ দৰ্শন অৱলম্বন কৰিছে,[14][15] এনে কোনো এক ভাবধাৰা নাই যাক সকলো নাস্তিকে মানি চলে।[16] বহুসংখ্যক নাস্তিকে বিশ্বাস কৰে যে নাস্তিকতা আস্তিকতাতকৈ জগতৰ প্ৰতি এক মিতব্যয়ী দৃষ্টিভঙ্গী, আৰু সেইবাবে ভগৱানৰ অস্তিত্বহীনতাক প্ৰমাণ কৰাৰ প্ৰমাণৰ বোজা নাস্তিকৰ ওপৰত নহয়, কিন্তু আস্তিক সকলেহে আস্তিকতাৰ সপক্ষে প্ৰমাণ দিয়াৰ প্ৰয়োজন।[17]
কিছুমান ধাৰ্মিক আৰু আধ্যাত্মিক চিন্তাধাৰাত আস্তিকতাক গ্ৰহণ কৰা হয় যেনে জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম, Raelism, Neopagan movements[18] such as Wicca,[19] and nontheistic religions. জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ কিছুসংখ্যক গোটে ভগৱান ওপৰত বিশ্বাসক দৰকাৰী বুলি নাভাবে,[20] হিন্দু ধৰ্ম ই নাস্তিকতাক বৈধ্য বুলি গ্ৰহণ কৰে, কিন্তু কিছুমান পণ্ঠাই নাস্তিকতাৰ পথক আধ্যাত্মিক দিশৰ পৰা কঠিন বুলি গণনা কৰে।[21]
যিহেতু নাস্তিকতাৰ ধাৰণা সমূহ ভিন্ন প্ৰকাৰৰ, পৃথিৱীত কিমান নাস্তিক আছে তাৰ অনুমান কৰাটো কঠিন।[22] এক অনুমানৰ মতে, পৃথিৱীৰ প্ৰায় ২.৩% মানুহ নাস্তিক হয়, আৰু ১১.৯% মানুহ অধাৰ্মিক হয়।[23] আন এক অনুমান মতে, নিজে নাস্তিক বুলি সদৰি কৰা মানুহৰ সংখ্যা পাশ্চাত্য দেশ সমূহত সৰ্বাধিক, কিন্তু বিভিন্ন মানলৈ: আমেৰিকা যুক্তৰাষ্ট্ৰ (৪%), ইটালী (৭%), স্পেইন (১১%), গ্ৰেট ব্ৰিটেইন (১৭%), জাৰ্মানী (২০%), আৰু ফ্ৰান্স (৩২%)।[24] Pew Research Centerৰ ২০১২ৰ এক প্ৰতিবেদন মতে, নিজকে "নাস্তিক" বা "নিৰজ্ঞ (Agnostic)" বুলি পৰিচয় দিয়া মানুহৰ সংখ্যা আমেৰিকান যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ ৬%।[25]