পাম তেল
পামৰ ফলৰ পৰা আহৰণ কৰা খাব পৰা উদ্ভিদজাতীয় তেল / From Wikipedia, the free encyclopedia
পাম তেল (ইংৰাজী: Palm Oil)পামৰ ফলৰ ৰঙা ৰঙৰ ৰসাল আঁহৰ পৰা আহৰণ কৰা এবিধ উদ্ভিদজাত খোৱা তেল।[1] খাদ্য প্ৰস্তুত, সৌন্দৰ্য সামগ্ৰী, জৈৱ ইন্ধন হিচাপে এই তেল ব্যৱহাৰ কৰা হয়। ২০১৪ চনত তৈলজাত শস্যৰ পৰা উৎপাদিত সমগ্ৰ বিশ্বৰ মুঠ তেলৰ প্ৰায় ৩৬% তেল পাম তেলৰ তেল আছিল। [2]অতিপ্ৰক্ৰিয়াকৃত খাদ্যত পাম তেলে খাদ্যৰ সোৱাদ আৰু স্থায়িত্বৰ মান সুস্থিৰ কৰি ৰাখে বাবে, খাদ্য নিৰ্মাতাসকলে ইয়াক সঘনাই ব্যৱহাৰ কৰে।[3] ২০১৫ চনত বিশ্বজুৰি গড়ে প্ৰতিজন মানুহে বছৰটোত ৭.৭ কিলোগ্ৰাম (১৭ পাউণ্ড) পাম তেল খাইছিল।[4] ইয়াৰ চাহিদা অন্যান্য ব্যৱহাৰৰ বাবেও বৃদ্ধি পাইছে, যেনে প্ৰসাধন সামগ্ৰী আৰু জৈৱ ইন্ধন; ফলত অধিক চাহিদা বৃদ্ধি হৈছে আৰু এই তেল যোগানৰ বাবে গ্ৰীষ্মমণ্ডলীয় দেশসমূহত পাম তেল বাগিচাসমূহৰ বৃদ্ধিত উৎসাহিত কৰিছে।
6
পাম তেলৰ ব্যৱহাৰে পৰিৱেশ আৰু মানৱ অধিকাৰ সংগঠনৰ বাবে উদ্বেগ কাৰণ হৈ পৰিছে। পাম তেলৰ উদ্যোগটোৱে ক্ৰান্তীয় অঞ্চলত পাম খেতিৰ বাবে বনাঞ্চল ধ্বংসৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়, আৰু ইয়াৰ বাবে দায়ী কৰা খেতিয়কসকলৰ মানৱ অধিকাৰ উলংঘনৰ অভিযোগৰ বাবে ইয়াক সামাজিক সমস্যাৰ কাৰক হিচাপে চিহ্নিত কৰা হৈছে।[5] ২০০৪ চনত অধিক বহনক্ষম আৰু বিধিসন্মত পাম তেল সৃষ্টিৰ বাবে ঘূৰণীয়া মেজমেলৰ যোগেদি এটা উদ্যোগ গোট গঠন কৰা হৈছিল। সংস্থাটোৰ জৰিয়তে অতি কম পাম তেলৰ প্ৰমাণপত্ৰ দিয়া হৈছিল, কিন্তু কিছুমান গোটে ইয়াক “সেউজ ধ্বংসকাৰী’’ বুলি সমালোচনা কৰিছিল।[6]
২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘৰ এক প্ৰতিবেদনত স্বীকাৰ কৰা হৈছে যে, আন তৈল উদ্ভিদতকৈ পাম তেল মাটি আৰু পানী ব্যৱহাৰৰ ক্ষেত্ৰত বেছি কাৰ্যক্ষম; যাৰ ফলত অন্য তেলতকৈ বনাঞ্চল ধ্বংসৰ দ্বাৰা অধিক জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হয়।[7] বিশ্বজুৰি পাম তেলৰ সৰ্বাধিক উৎপাদনকাৰী দেশ ইণ্ডোনেছিয়াই ২০২২ চনত ইয়াৰ ৬০% উৎপাদন কৰিছিল,[8] তাৰ পিছতে মালয়েছিয়া, থাইলেণ্ড আৰু নাইজেৰিয়া। ইণ্ডোনেছিয়াই মূলতঃ পাম তেলৰ পৰা বায়’ডিজেল উৎপাদন কৰে।[9]