পাৰ্চিফোনি
From Wikipedia, the free encyclopedia
পাৰ্চিফোনি (ইংৰাজী: Persephone) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱী। তেওঁ দেৱৰাজ জ্যুচ আৰু ডিমিটাৰৰ কন্যা। তেওঁক কৰি বা কৰা নামেৰেও জনা যায়। জ্যুচৰ অনুমতি সাপেক্ষে পাতালপুৰীৰ অধিপতি হেডিচে হৰণ কৰি নিয়াৰ পিছৰপৰাই পাৰ্চিফোনি সেই ঠাইৰ ৰাণীৰূপে অধিষ্ঠিত হয়।[1] হেডিচৰদ্বাৰা পাৰ্চিফোনিৰ হৰণ আৰু পৃথিৱীলৈ তেওঁৰ পুনৰাগমণৰ আখ্যানে বসন্ত কালৰ মূৰ্তমান ৰূপটোকেই সূচায় যাৰ আগমণত শস্যমালাৰ উন্মেষ ঘটে আৰু শস্য চপোৱাৰ পিছতেই অন্তৰ্হিত হয়। ধ্ৰুপদী শিল্পকলাসমূহত পাৰ্চিফোনিক এক দীৰ্ঘ আভৰণ পৰিহিতা আৰু হাতত শস্যৰ ঠোক লৈ থকা অৱস্থাত চিত্ৰিত কৰা হয়। কোনো কোনো সময়ত তেওঁক ৰাজদণ্ড আৰু এক সৰু বাকচ হাতত লৈ থকা ৰূপতো চিত্ৰায়িত কৰা হয়। শস্যৰ দেৱী হিচাপে পাৰ্চিফোনি আৰু তেওঁৰ মাতৃ ডিমিটাৰ প্ৰাচীন গ্ৰীচৰ কোনো কোনো পন্থাৰ কেন্দ্ৰীয় চৰিত্ৰ আছিল।
ক্ষিপ্ৰ তথ্য পাৰ্চিফোনি, নিবাস ...
পাৰ্চিফোনি | |
---|---|
পাতালপুৰীৰ ৰাণী বসন্ত, ফুল, মৃত্যু, জীৱন, শস্য আৰু সংহাৰৰ দেৱী | |
নিবাস | পাতালপুৰী, চিচিলি, অলিম্পাচ পৰ্বত |
প্ৰতীক | ডালিম, শস্যৰ বীজ, জোঁৰ, ফুল আৰু হৰিণ |
পিতৃ-মাতৃ | জ্যুচ আৰু ডিমিটাৰ |
সহোদৰ | এফ্ৰোডাইটি, এপ'ল', এৰিচ, আৰ্টিমিচ, এথেনা, হাৰ্মিচআদি |
সন্তান | মেলিন', প্লুটাচ, ডায়'নিচাছ |
ৰোমান সমাৰ্থক | প্ৰ'জাৰপিনা |
বন্ধ কৰক