পুৰুষ প্ৰজনন তন্ত্ৰ
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো মানৱৰ পুং প্ৰজনন তন্ত্ৰৰ বিষয়ে। অন্যান্য জীৱ-জন্তুৰ পুং প্ৰজনন তন্ত্ৰৰ বাবে প্ৰজনন তন্ত্ৰ চাওক।
পুৰুষ প্ৰজনন তন্ত্ৰ (ইংৰাজী: Male reproductive system) বহুতো যৌনাংগৰ দ্বাৰা গঠিত যিয়ে মানৱ প্ৰজনন প্ৰক্ৰিয়াত ভূমিকা পালন কৰে। এই যৌনাংগসমূহ শৰীৰৰ বাহিৰত আৰু শ্ৰোণিৰ (Pelvis) ভিতৰত থাকে। পুৰুষৰ মূল যৌনাংগ হ'ল শিশ্ন (Penis) আৰু মুষ্কাৱৰণ (Scrotum) য'ত বীৰ্য্য আৰু শুক্ৰাণু উৎপন্ন কৰা অণ্ডকোষ থাকে।