পেৰাথাইৰইড গ্ৰন্থি
From Wikipedia, the free encyclopedia
পেৰাথাইৰইড গ্ৰন্থি (Parathyroid glands) মানুহ আৰু আন চতুৰ্স্পদী প্ৰাণীৰ ডিঙিত থকা সৰু অন্তঃস্ৰাৱী গ্ৰন্থি। মানুহৰ সাধাৰণতে থাইৰইড গ্ৰন্থিৰ পিছফালে চাৰিটা পেৰাথাইৰইড গ্ৰন্থি থাকে। তেজত কেল্চিয়ামৰ পৰিমাণ কম হ'লে এই গ্ৰন্থিয়ে পেৰাথাইৰইড হৰম'ন নিঃসৰণ কৰি তেজ আৰু হাড়ত কেল্চিয়ামৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়।
ক্ষিপ্ৰ তথ্য পেৰাথাইৰইড গ্ৰন্থি (Parathyroid glands), সবিশেষ ...
পেৰাথাইৰইড গ্ৰন্থি (Parathyroid glands) | |
---|---|
মানুহৰ ডিঙিৰ অভ্যন্তৰীণ গঠন। সেউজীয়া ৰং দিয়া ঠাইসমূহে পেৰাথাইৰইড গ্ৰন্থিৰ সাধাৰণ স্থানসমূহ সূচাইছে। সাধাৰণতে এই চাৰিটা গ্ৰন্থি থাইৰইড গ্ৰন্থি (কমলা ৰং দিয়া অংশ)ৰ পাৰ্শ্বীয় খণ্ডৰ পিছফালে থাকে। | |
ডিঙিৰ পিছফালৰ পৰা থাইৰইড আৰু পেৰাথাইৰইড গ্ৰন্থি | |
সবিশেষ | |
প্ৰিকাৰ্ছৰ | নিউৰেল ক্ৰেষ্ট মিছেন্কাইম, আৰু তৃতীয় আৰু চতুৰ্থ ফেৰিঞ্জিয়েল পাউচ এণ্ড'ডাৰ্ম |
তন্ত্ৰ | অন্তঃস্ৰাৱী |
ধমনী | ঊৰ্দ্ধ থাইৰইড ধমনী, নিম্ন থাইৰইড ধমনী |
সিৰা | ঊৰ্দ্ধ থাইৰইড সিৰা, মধ্য থাইৰইড সিৰা, নিম্ন থাইৰইড সিৰা |
স্নায়ু | মধ্য গ্ৰীৱা স্নায়ুগ্ৰন্থি, নিম্ন গ্ৰীৱা স্নায়ুগ্ৰন্থি |
লসিকা | প্ৰিট্ৰেকিয়েল লসিকা গ্ৰন্থি, প্ৰিলেৰিঞ্জিয়েল লসিকা গ্ৰন্থি, জুগুল'ডাইগেষ্ট্ৰিক লসিকা গ্ৰন্থি |
চিনাক্তকাৰক | |
লেটিন | glandula parathyreoidea inferior, glandula parathyreoidea superior |
MeSH | D010280 |
TA98 | A11.4.00.001 |
TA2 | 3870 |
FMA | 13890 |
দেহতাত্ত্বিক পৰিভাষা |
বন্ধ কৰক
পেৰাথাইৰইড গ্ৰন্থিৰ তেজৰ যোগান, সিৰাৰ পৰিবাহ আৰু লসিকা পৰিবাহ থাইৰইড গ্ৰন্থিৰ সৈতে একেই। বিকাশৰ সময়ত ভ্ৰূণীয় কলাৰ চলাচলৰ বাবে ঊৰ্দ্ধ আৰু নিম্ন গ্ৰন্থিৰ স্থানৰ পৰিৱৰ্তন হ'ব পাৰে।
হাইপাৰপেৰাথাইৰইডিজম আৰু হাইপ'পেৰাথাইৰইডিজম ৰোগত পেৰাথাইৰইড হৰম'ন বাঢ়ি বা কমি তেজৰ কেল্চিয়ামৰ তাৰতম্য ঘটাৰ লগতে হাড়ৰো পৰিৱৰ্তন হয়।