প্ৰেমলতা অগ্ৰৱাল
From Wikipedia, the free encyclopedia
প্ৰেমলতা অগ্ৰৱাল (ইংৰাজী: Premlata Agrawal, জন্ম: ১৯৬৩) এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ বিশ্বৰ সাত মহাদেশৰ প্ৰত্যেকৰে সৰ্বোচ্চ পৰ্বত শৃংগ বা উচ্চতম স্থান আৰোহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা।[1][2] ২০১৩ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ২০১৭ চনত পৰ্বতাৰোহণৰ ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা প্ৰদান কৰা হয়।[3] ২০১১ চনৰ ২০ মে তাৰিখে তেওঁ বিশ্বৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰে আৰু ৪৮ বছৰ বয়সত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰবীণতম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। ২০১৮ চনৰ ১৯ মে তাৰিখে জম্মু আৰু কাশ্মীৰ ৫৩ বছৰ বয়সীয়া সংগীতা সিন্ধী বহলে তেওঁৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰবীণতম ভাৰতীয় মহিলাৰ অভিলেখ ভংগ কৰে।[4] তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ঝাৰখণ্ড ৰাজ্যৰ প্ৰথম গৰাকী ব্যক্তি।[5][6]
প্ৰেমলতা অগ্ৰৱাল | |
---|---|
ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে প্ৰেমলতা অগ্ৰৱালক ২০১৭ চনৰ টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা প্ৰদান কৰা মুহূৰ্ত | |
জন্ম | প্ৰেমলতা গাৰ্গ ১৯৬৩ (বয়স ৬০–৬১) দাৰ্জিলিং, পশ্চিম বংগ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | পৰ্বতাৰোহী |
জনা যায় | মাউণ্ট এভাৰেষ্ট আৰোহণ (২০১১) সাতটা সৰ্বোচ্চ মহাদেশীয় পৰ্বত শৃংগ আৰোহণ কৰা প্ৰথম ভাৰতীয় নাৰী ৪৮ বছৰ বয়সত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰবীণতম ভাৰতীয় মহিলা |
দাম্পত্যসঙ্গী | বিমল অগ্ৰৱাল |
২০০৪ চনত তেওঁ নেপালৰ আইলেণ্ড পিক (২০,৬০০ ফুট) নামৰ শৃংগৰ আৰোহণৰ অভিযানত অংশগ্ৰহণ কৰিছিল। ২০০৬ চনত তেওঁ কাৰাকোৰাম গিৰিপথ (১৮,৩০০ ফুট) আৰু মাউণ্ট শালতোৰো কাংৰি (২০১৫০ ফুট) অভিযানতো অংশগ্ৰহণ কৰিছিল। ২০০৭ আৰু আকৌ ২০১৫ চনত তেওঁ প্ৰথম ভাৰতীয় মহিলাৰ থৰ মৰুভূমি অভিযানত অংশগ্ৰহণ কৰিছিল। এই অভিযানত তেওঁলোক গুজৰাটৰ ভূজৰ পৰা ৪০ দিনৰ উট চাফাৰিৰে পঞ্জাবৰ ৱাঘা সীমান্তত উপস্থিত হৈছিল। তেওঁৰ এই কৃতিত্ব লিমকা বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে।[5][7][8]