পৰিশেষিকা (শৰীৰস্থান)
From Wikipedia, the free encyclopedia
পৰিশেষিকা বা এপেণ্ডিক্স (উপাংগ; উপান্ত্ৰ; অন্ত্ৰপুচ্ছ; ভাৰমিফৰ্ম এপেণ্ডিক্স বা কৃমিৰূপ পৰিশেষিকা আদি) হৈছে অন্ধনল বা caecumৰ সৈতে সংযুক্ত আঙুলিৰ দৰে অন্ধ-সমাপ্ত নলী, য'ৰ পৰা ই ভ্ৰূণ স্তৰত বিকশিত হয় । অন্ধনল ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰৰ সংযোগস্থলত অৱস্থিত বৃহদান্ত্ৰৰ এটা মোনাৰ দৰে গঠন। "vermiform" শব্দটো লেটিন ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হ'ল "কৃমি আকৃতিৰ"। এসময়ত পৰিশেষিকাক এটা অৱশিষ্ট অংগ বুলি গণ্য কৰা হৈছিল, কিন্তু ২০০০ চনৰ আৰম্ভণিৰ পৰা এই মত সলনি হৈছে।[1][2] গৱেষণাৰ পৰা দেখা গৈছে যে এপেণ্ডিক্সে উপকাৰী আন্ত্ৰিক বেক্টেৰিয়াৰ ভঁৰাল হিচাপে এটা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে।
ক্ষিপ্ৰ তথ্য পৰিশেষিকা বা এপেণ্ডিক্স, সবিশেষ ...
পৰিশেষিকা বা এপেণ্ডিক্স | |
---|---|
সন্মুখৰ পৰা ক'ল'নৰ ছবিৰ লগত পৰিশেষিকাৰ অৱস্থানৰ তাৰতম্য | |
অন্ধনলৰ ধমনী আৰু পৰিশেষিকা (vermiform process বুলি তলৰ সোঁহাতে পৰিশেষিকাক দেখুওৱা হৈছে) | |
সবিশেষ | |
প্ৰিকাৰ্ছৰ | মধ্যান্ত্ৰ |
তন্ত্ৰ | পাচন তন্ত্ৰ |
ধমনী | এপেণ্ডিকুলাৰ ধমনী |
সিৰা | এপেণ্ডিকুলাৰ সিৰা |
চিনাক্তকাৰক | |
লেটিন | appendix vermiformis |
MeSH | D001065 |
TA98 | A05.7.02.007 |
TA2 | 2976 |
FMA | 14542 |
দেহতাত্ত্বিক পৰিভাষা |
বন্ধ কৰক