ফ্ৰান্সৰ শ্ৰুতিকথা
From Wikipedia, the free encyclopedia
বৰ্তমানৰ ফ্ৰান্সৰ শ্ৰুতিকথা (ইংৰাজী: Mythology in France) বা পৌৰাণিক কাহিনীসমূহে ফ্ৰান্সত বাস কৰা গল (Gauls), ফ্ৰেংক (Franks), নৰ্মান (Normans), ব্ৰেটন (Bretons) আৰু অন্যান্য জনগোষ্ঠীৰ পৌৰাণিক কাহিনীক সামৰি লৈছে, এই বিশেষ সংস্কৃতিসমূহে সত্য বুলি বিশ্বাস কৰা সেই প্ৰাচীন কাহিনীবোৰ ঐশ্বৰিক বা বীৰ সত্তাৰ বিষয়ে বৰ্ণনা কৰে। এই কাহিনী বোৰত প্ৰায়ে অলৌকিক পৰিঘটনা বা চৰিত্ৰসমূহৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ড আৰু মানৱতাৰ স্বৰূপ ব্যাখ্যা কৰা দেখা যায়। ফৰাচী শ্ৰুতিকথা মূলতঃ গল (বা কেল্ট) আৰু ব্ৰেটনসকলৰ শ্ৰুতিকথা আৰু কিংবদন্তিৰ দ্বাৰা প্ৰভাৱিত হৈছে কাৰণ তেওঁলোক আধুনিক ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ পৰা ফৰাচী অঞ্চললৈ প্ৰব্ৰজন কৰিছিল। ফৰাচী পৌৰাণিক কাহিনীৰ বিকাশত ফ্ৰেংকসকলৰো কিছু প্ৰভাৱ পৰা দেখা যায়।