ফ্ৰিড্ৰিচ এংগেল্ছ
From Wikipedia, the free encyclopedia
ফ্ৰিড্ৰিচ এংগেল্ছ জাৰ্মান: [ˈfʁiːdʁɪç ˈɛŋəls]; ২৮ নৱেম্বৰ ১৮২০ – ৫ আগষ্ট ১৮৯৫) এগৰাকী জাৰ্মান দাৰ্শনিক, সমাজ বিজ্ঞানী, সাংবাদিক আৰু ব্যৱসায়ী। .[1] তেখেতে কাৰ্ল মাৰ্ক্সৰ সৈতে মাৰ্ক্সবাদী সূত্ৰ তৈয়াৰ কৰিছিলে আৰু প্ৰচাৰ কৰিছিলে। ১৮৪৫ত তেখেতে কণ্ডিচঞ্ছ অৱ দ্য ৱৰ্কিং ক্লাছ ইন ইংলেণ্ড নামৰ গ্ৰন্থ নিজ পৰ্যবেক্ষণ আৰু অধ্যয়নেৰে লিখি উলিয়ালে। ১৮৪৮ত মাৰ্ক্সৰ সৈতে 'কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ' লিখাৰ উপৰিও তেখেতে আন কেইবাখনো গ্ৰন্থত অকলে আৰু কেইবাখনো গ্ৰন্থ মাৰ্ক্সৰ সৈতে লিখিছিল। মাৰ্ক্সৰ দছ কেপিতেল লিখাৰ সময়ত তেখেতেই মাৰ্ক্সক আৰ্থিকভাৱে সহায় কৰিছিল। মাৰ্ক্সৰ মৃত্যুৰ পাছত তেখেতে দ্বিতীয় আৰু তৃতীয় সংস্কৰণ সম্পাদনা কৰিছিল আৰু মাৰ্ক্সৰ 'থিয়ৰী অৱ চাৰ্প্লাছ ভেল্যু'ক তেখেতে দছ কেপিতেল্অৰ চতুৰ্থ ভল্যুম হিচাপে প্ৰকাশ কৰিছিল।[2] পৰিয়াল অৰ্থনীতিতো তেখেতৰ অৱদান আছে।
১৮৭৭ চনত এংগেল্ছ | |
সম্পূৰ্ণ নাম | ফ্ৰিড্ৰিচ এংগেল্ছ Friedrich Engels |
---|---|
জন্ম | ২৮ নৱেম্বৰ ১৮২০ Barmen, প্ৰুচিয়া (এতিয়াৰ Wuppertal, জাৰ্মানী) |
মৃত্যু | ০৫ আগষ্ট, ১৮৯৫ (৭৪ বছৰ) লণ্ডন, ইংলেণ্ড |
যুগ | ১৯শ শতিকাৰ দৰ্শন |
অঞ্চল | পশ্চিমীয়া দৰ্শন |
ধাৰা | মাৰ্ক্সবাদ দ্বান্দ্বিক বস্তুবাদ ঐতিহাসিক বস্তুবাদ |
আগ্ৰহ | ৰাজনৈতিক দৰ্শন, অৰ্থনীতি, শ্ৰেণী সংগ্ৰাম, পুঁজিবাদৰ সমালোচনা |
উল্লেখযোগ্য কৰ্ম | Alienation and exploitation of the worker, historical materialism |
প্ৰভাৱিত কৰে
| |
স্বাক্ষৰ |