বাল্মীকি
ৰামায়ণ মহাকাব্যৰ ৰচয়িতা / From Wikipedia, the free encyclopedia
বাল্মীকি সংস্কৃত ভাষাৰ এজন বৰেণ্য কবি, আৰু ৰামায়ণ মহাকাব্যৰ ৰচয়িতা। ৰামায়ণ খ্ৰীষ্টপূৰ্ব পাঁচৰ পৰা এক শতিকাৰ সময়চোৱাত লিখা হৈছিল।[1][2] ৰামায়ণৰ পাততে বাল্মীকিৰ নাম উল্লেখ থকা পোৱা যায়।[3] তেওঁক আদিকবি বুলিও জনা যায়।
বাল্মীকি | |
---|---|
ৰামায়ণ ৰচনা কৰাৰ সময়ত বাল্মীকি | |
উপাধি/সন্মান | আদি কবি মহৰ্ষি |
দৰ্শন | বাল্মীকিৰ ৰচনাসমূহৰ ভিত্তিত বাল্মীকিবাদ |
ৰামায়ণ আৰু যোগ বশিষ্ঠৰ ৰচয়িতা |
বাল্মীকিৰ মূল ৰামায়ণত মুঠ ২৩০০০টা শ্লোক আৰু উত্তৰাকাণ্ডকে ধৰি ৭টা কাণ্ড আছিল। ৰামায়ণত প্ৰায় ৪৮০,০০২টা শব্দ আছে, আৰু ই মহাভাৰতৰ প্ৰায় চাৰিভাগৰ এভাগ, আৰু আনহাতে গ্ৰীক মাহকাব্য ইলিয়াডৰ চাৰিগুণ। ৰামায়ণত মূলতঃ অযোধ্যাৰ ৰাজকুমাৰ ৰামৰ কাহিনী বৰ্ণোৱা হৈছে, তেওঁৰ পত্নী সীতাক লংকাৰ ৰাক্ষস ৰাজ ৰাৱণে চলনাৰে হৰণ কৰি নিয়ে। বাল্মীকি ৰামায়ণৰ ৰচনা কাল সম্পৰ্কে মতভেদ থাকিলেও খ্ৰীষ্টপূৰ্ব ৫০০ ৰ পৰা ১০০ ৰ ভিতৰত বুলি পণ্ডিত সকলে নিশ্চিত কৰিছে।[4] অৰ্থাৎ ই মহাভাৰতৰ প্ৰথম সংস্কৰণ বিলাকৰ সমসাময়িক।[5] আন প্ৰাচীন মহাকাব্য বিলাকৰ দৰেই ৰামায়ণো সুদীৰ্ঘ সময়ত বহু যোগ-বিয়োগ, নিজস্ব ধাৰণা, পৰিবৰ্তন আদিৰ মাজেৰে পাৰ কৰিব লগা হৈছে। সেয়ে ৰামায়ণ ৰচনাৰ সঠিক সময় নিৰ্দেশ কৰা বৰ কঠিন।
বাল্মীকিক ৰামৰ সমসাময়িক বুলিও উল্লেখ কৰা পোৱা যায়। বনবাসৰ কালচোৱাত ৰামে বাল্মীকিক লগ পাইছিল আৰু তেওঁলোকৰ বাৰ্তালাপো হৈছিল। ৰামে সীতাক পৰিত্যাগ কৰাৰ পাছত বাল্মীকিয়ে তেওঁক নিজৰ আশ্ৰমত আশ্ৰয় দিছিল। বাল্মীকিৰ আশ্ৰমতেই সীতাৰ দুই পুত্ৰ লৱ আৰু কুশৰ জন্ম হৈছিল। বাল্মীকিয়ে লৱ আৰু কুশক ৰামায়ণৰ কাহিনী শুনাইছিল। পাছত দুয়োৱে সেই কাহিনী-গীতি বিলাক অযোধ্যাৰ অশ্বমেধ যজ্ঞত গাই শুনাওতেই ৰামে তেওঁলোকক চিনি পায় আৰু নিজৰ ৰাজকাৰেঙলৈ লৈ আনে।