বিটকইন
এক ডিজিটেল মুদ্ৰা বা ক্ৰিপ্ট'কাৰেন্সী / From Wikipedia, the free encyclopedia
বিটকইন (ইংৰাজী: Bitcoin, চিহ্ন: ₿) হৈছে একপ্ৰকাৰ ডিজিটেল মুদ্ৰা বা সাংকেতিক মুদ্ৰা (ক্ৰিপ্ট'কাৰেন্সী)। ইয়াক বিশ্বৰ সৰ্বপ্ৰথম মুক্ত-উৎসৰ ক্ৰিপ্ট'কাৰেন্সী আৰু কেন্দ্ৰীয় নিয়ন্ত্ৰণহীন অৰ্থাৎ প্ৰশাসকবিহিন বিকেন্দ্ৰীকৃত ডিজিটেল মুদ্ৰা ৰূপে গণ্য কৰা হয়। বিটকইনৰ সৈতে লেনদেনৰ বাবে কোন ধৰণৰ অৰ্থনৈতিক প্ৰতিষ্ঠান বা বেংকৰ প্ৰয়োজন নহয় তথা ই কোনো দেশৰ চৰকাৰ মান্যপ্ৰাপ্ত মুদ্ৰাও নহয়।[1] ২০০৯ চনত ছাটোছি নাকামোটো (ইংৰাজী: Satoshi Nakamoto) ছদ্মনামেৰে কোন এক ব্যক্তি বা গোষ্ঠীয়ে এই মুদ্ৰা ব্যৱস্থাৰ প্ৰচলন আৰম্ভ কৰে যাক পিয়েৰ-টু-পিয়েৰ মুদ্ৰা বুলি অভিহিত কৰা হয়।[2][3]
বিটকইনৰ লেনদেন হয় অনলাইন যোগে পোনপটিয়াকৈ প্ৰেৰকৰ কম্পিউটাৰৰ পৰা প্ৰাপকৰ কম্পিউটাৰলৈ।[4] এই লেনদেনসমূহৰ সত্যাপন কৰা হয় ক্ৰিপ্ট'গ্ৰাফিৰ মাধ্যমেৰে আৰু এক খতিয়ানত লিপিবদ্ধ কৰি ৰাজহুৱাকৈ প্ৰকাশ কৰা হয়। এই মুক্ত আৰু বিতৰিত খতিয়ানকে ব্লকচেইন বোলা হয়।[5] বিটকইন উৎপাদিত হয় মাইনিং নামৰ এক জটিল প্ৰক্ৰিয়াৰ দ্বাৰা য'ত কম্পিউটাৰৰ প্ৰচেচিং ক্ষমতাৰ ভিত্তিতে লেনদেন লিপিবদ্ধ তথা সত্যাপন কৰা হয়।[6]
বিটকইনৰ লেনদেন সম্পন্ন কৰাত কোনো আৰ্থিক প্ৰতিষ্ঠানৰ প্ৰয়োজন নহয়, ইয়াৰ লেনদেনৰ প্ৰেৰক আৰু প্ৰাপকৰ বাস্তৱ পৰিচয় সম্বন্ধে বিস্তাৰিত তথ্য অনুসৰণ কৰা নহয়।[7][8] বৰ্তমানে একাধিক দেশত বিটকইন ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে।[9] বৰ্তমানে বিটকইন ডিজিটেল মুদ্ৰা, পণ্য বা সেৱা আকাৰে ব্যবহাৰ কৰা হয়। বৈধ পণ্য লেনদেনৰ বাহিৰেও কলাবজাৰত অবৈধ পণ্য লেনদেন আৰু কলাধন বৈধ কৰাৰ বাবেও বিটকইনৰ ব্যৱহাৰ কৰা দেখা যায়। যদিও বিটকইন ডিজিটেল কাৰেন্সী হিচাপে জনপ্ৰিয়তা লাভ কৰিছে, অবৈধ লেনদেনৰ বাবে ব্যৱহাৰ, বিভিন্ন আন্তৰাষ্ট্ৰীয় মুদ্ৰাৰ বিপৰীতে ইয়াৰ সাংঘাতিক উঠা-নমা দৰ, দুষ্প্ৰাপ্যতা আৰু ব্যৱসায়ৰ সীমিত ব্যৱহাৰৰ কাৰণে বহুতেই ইয়াৰ সমালোচনা কৰে।[10][11]
২০১৩ চনৰ ২৯ অক্টোবৰত কানাডাৰ ভেনকুভাৰত বিটকইনৰ প্ৰথম ৰাজহুৱা ব্যৱহাৰৰ এটিএম মেছিন স্থাপন কৰা হয়।[12][13] নিচাযুক্ত দ্ৰব্য, অবৈধ অস্ত্ৰ আৰু অন্যান্য বেআইনি লেনদেনত বিটকইনৰ ব্যৱহাৰ ৰোধ কৰিবৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ চৰকাৰে বিটকইনক গ্ৰাহকৰ পঞ্জীয়নৰ আওতাত অনাৰ চিন্তা কৰিছে।[14][15]