বিশ্বকাপ ক্ৰিকেট ২০১৫
From Wikipedia, the free encyclopedia
বিশ্বকাপ ক্ৰিকেট ২০১৫ হৈছে একাদশ এদিনীয়া আন্তৰ্জাতিক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীৰপৰা ২৯ মাৰ্চলৈকে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত যুটীয়াভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত মুঠ ১৪খন ষ্টেডিয়ামত ৪৯খন খেল অনুষ্ঠিত হৈছিল। অষ্ট্ৰেলিয়াৰ ৭খন ষ্টেডিয়ামত ২৬খন খেল আৰু নিউজিলেণ্ডৰ ৭খন ষ্টেডিয়ামত ২৩খন খেল অনুষ্ঠিত হৈছিল।[1][2] মেলব'ৰ্ণত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছিল। ১৯৯২ চনৰ পাছত সেয়া দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হয়। ২০১১ চনৰ বিশ্বকাপৰ দৰে সেইবাৰো আই চি চিয়ে শচীন টেণ্ডুলকাৰক ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেটৰ দূত (ambassador) হিচাপে ঘোষণা কৰে।[3]
বিশ্বকাপ ক্ৰিকেট ২০১৫ | |
---|---|
বিশ্বকাপ ক্ৰিকেট ২০১৫ৰ আনুষ্ঠানিক ল'গ' | |
দিনাংক | ১৪ ফেব্ৰুৱাৰী – ২৯ মাৰ্চ |
প্ৰশাসক(সমূহ) | আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ |
ধৰণ | এদিনীয়া আন্তৰ্জাতিক |
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) | ৰাউণ্ড-ৰবিন আৰু নকআউট |
আয়োজক(সমূহ) | অষ্ট্ৰেলিয়া নিউজিলেণ্ড |
দলৰ সংখ্যা | ১৪ |
মুঠ খেলৰ সংখ্যা | ৪৯ |
আনুষ্ঠানিক ৱেবছাইট | www.cricketworldcup.com |
← ২০১১ ২০১৯ → |
২০১১ চনত জয়লাভ কৰি ভাৰতে ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ বিশ্বকাপত অংশগ্ৰহণ কৰিছিল। পুল বি-ত স্থান পোৱা ভাৰতৰ প্ৰথমখন খেল ১৫ ফেব্ৰুৱাৰী তাৰিখে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হয়। টিকট মুকলিৰ ১২ মিনিটৰ ভিতৰতে এই খেলখনৰ টিকট বিক্ৰী শেষ হৈ যায়।[4]