বেকন এণ্ড কেবেজ (খাদ্য)
From Wikipedia, the free encyclopedia
বেকন এণ্ড কেবেজ (আইৰিছ: bagún agus cabáiste) হৈছে আয়াৰলেণ্ডৰ সংস্কৃতিৰ সৈতে পৰম্পৰাগতভাৱে জড়িত খাদ্য।[1] এই ব্যঞ্জনত কবি আৰু আলুৰ সৈতে সিজোৱা গাহৰিৰ পিঠিফালৰ মাংস টুকুৰা টুকুৰ কৰি দিয়া হয়। ধোঁৱাত শুকুওৱা বেকনও কেতিয়াবা ব্যৱহাৰ কৰা হয়।
ক্ষিপ্ৰ তথ্য প্ৰকাৰ, উৎপত্তিৰ স্থান ...
প্ৰকাৰ | মূল খাদ্য |
---|---|
উৎপত্তিৰ স্থান | আয়াৰলেণ্ড |
মুখ্য উপাদান | গাহৰিৰ মাংস আৰু বন্ধাকবি |
বন্ধ কৰক
বেকন অৰ্থাৎ গাহৰিৰ পিঠিফালৰ মাংস টুকুৰা টুকুৰ কৰি আৰু কিছুমান উতলি থকা জোল দি খাদ্যটো পৰিৱশন কৰা হয়।[2] খাদ্যটোৰ লগৰ আন এটা সাধাৰণ উপাদান হ’ল বগা চাটনি, যিটো আটা, মাখন আৰু গাখীৰৰে তৈয়াৰী, কেতিয়াবা কোনো ধৰণৰ সুগন্ধিযুক্ত বস্তুও(সততে পাৰ্চলি) যোগ কৰা হয়।