ব্ৰেইল্
From Wikipedia, the free encyclopedia
ব্ৰেইল্ /ˈbreɪl/ (ফৰাচী উচ্চাৰণ: [bʁaj]) হৈছে অন্ধ বা চকুৰে কম দেখা লোকে ব্যৱহাৰ কৰা এটা স্পৰ্শীয় (tactile) লিখন পদ্ধতি। পৰম্পৰাগতভাৱে ইয়াক এম্বছ কাগজত লিখা হয়। ব্ৰেইল্ ব্যৱহাৰকাৰীয়ে refreshable braille display-ৰ সহায়ত কম্পিউটাৰ স্ক্ৰীন বা আন ইলেক্ট্ৰনিক সঁজুলিত আখৰ পঢ়িব পাৰে। তেওঁলোকে স্লে'ট আৰু ষ্টাইলাছেৰে ব্ৰেইল্ লিখিব পাৰে বা পৰ্টেবল ব্ৰেইল্ ন'টটেকাৰৰ দৰে ব্ৰেইল্ ৰাইটাৰত টাইপ কৰিব পাৰে।
ব্ৰেইল্ (Braille) | |
---|---|
প্ৰকাৰ | বৰ্ণমালা (nonlinear) |
ভাষা | বহুতো |
সৃষ্টিকৰ্তা | লুই ব্ৰেইল্ |
সময় | ১৮২৪-বৰ্তমানলৈ |
মাতৃ লিপি |
নৈশ লিখন
|
সন্তান লিপি | ফৰাছী ব্ৰেইল্ ইংৰাজী ব্ৰেইল্ ভাৰতীয় ব্ৰেইল্ চীনা ব্ৰেইল্ জাপানী ব্ৰেইল্ কোৰীয় ব্ৰেইল্ আদি |
ভগ্নী লিপি | নিউ য়ৰ্ক পইণ্ট |
ISO 15924 | Brai, 570 |
দিশ | বাওঁৰ পৰা সোঁ |
ইউনিক'ড নাম | Braille |
ইউনিক'ড ৰে'ঞ্জ | U+2800–U+28FF |
ফৰাছী স্ৰষ্টা লুই ব্ৰেইল্ৰ নামেৰে এই পদ্ধতিটোৰ নাম ৰখা হৈছে। সৰুকালত এক দুৰ্ঘটনাত তেওঁ দৃষ্টিশক্তি হেৰুৱাইছিল। ১৮২৪ চনত ১৫ বছৰ বয়সত নৈশ লিখনৰ সংশোধনেৰে ব্ৰেইলে ফৰাছী বৰ্ণমালাৰ এক সংকেত বিকাশ কৰে। ১৮২৯ চনত সংগীতৰ ন'টচন সামৰি তেওঁ এই পদ্ধতি প্ৰকাশ কৰে।[1][2] ১৮৩৭ চনত প্ৰকাশিত দ্বিতীয় সংস্কৰণ আছিল আধুনিক যুগত বিকশিত প্ৰথম বাইনেৰী লিখন পদ্ধতি।
ব্ৰেইল্ চিহ্নসমূহ চাৰিচুকীয়া যাক cells বোলে আৰু ইয়াত উঠন raised dots কিছুমান থাকে। এই ডট্বোৰৰ সংখ্যা আৰু বিন্যাসে এটা আখৰক আনবোৰৰ পৰা পৃথক কৰে। বিভিন্ন ব্ৰেইল্ বৰ্ণমালাসমূহ ছপা শব্দৰ প্ৰতিলিপিকৰণ সংকেত হিচাপে বিকশিত হোৱা বাবে ভাষাভেদে মেপিং (আখৰৰ স্থান) বেলেগ বেলেগ হয়। ইয়াৰ উপৰি ইংৰাজী ব্ৰেইল্ত সংকেতৰ তিনিটা স্তৰ আছে।
ব্ৰেইল্ পাঠ্যত কেৱল ব্ৰেইল্ কোষবোৰেই নাথাকে। ইয়াত ছবি, গ্ৰাফ আদিও থাকিব পাৰে। এটা সম্পূৰ্ণ ব্ৰেইল্ কোষত দুটা শাৰীত তিনিটাকৈ ছটা উঠন ডট্ থাকে।[3] ডট্বোৰৰ স্থান একৰ পৰা ছয়লৈকে নিৰ্দিষ্ট কৰা হয়।[3] এক বা ততোধিক ডট্ ব্যৱহাৰ কৰি ৬৪টা ব্যৱস্থ সম্ভৱ।[3] এটা কোষেৰে এটা আখৰ, সংখ্যা, যতি চিহ্ন, বা এটা শব্দও বুজাব পাৰি।[3]
স্ক্ৰীন ৰিডাৰৰ প্ৰচলনে ব্ৰেইলৰ ব্যৱহাৰ কমাই আনিছে। কিন্তু বানান আৰু যতি শিকাবৰ বাবে অন্ধ বা দৃষ্টিশক্তিহীনৰ বাবে ব্ৰেইল্ শিক্ষা গুৰুত্বপূৰ্ণ।