ভগৎ সিং
From Wikipedia, the free encyclopedia
ভগৎ সিং (পঞ্জাবী: ਭਗਤ ਸਿੰਘ, بھگت سنگھ; ২৭ ছেপ্টেম্বৰ, ১৯০৭[1] – ২৩ মাৰ্চ, ১৯৩১) আছিল ভাৰতীয় উপমহাদেশৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেওঁক ছহিদ-ঈ আজম ভগৎ সিং নামে অভিহিত কৰা হয়।
ভগৎ সিং | |
---|---|
২১ বছৰ বয়সত ভগৎ সিং | |
জন্ম | ২৭ ছেপ্টেম্বৰ, ১৯০৭ লায়ালপুৰ, পঞ্জাব, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৩ মাৰ্চ, ১৯৩১ (২৩ বছৰ) লাহোৰ, পঞ্জাব, ব্ৰিটিছ ভাৰত |
সংস্থা | নজোৱান ভাৰত সভা, কীৰ্তি কিছান পাৰ্টি আৰু হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন |
ৰাজনৈতিক আন্দোলন | ভাৰতৰ স্বাধীনতা আন্দোলন |
ধৰ্ম | শিখ ধৰ্ম |
ভগৎ সিঙৰ জন্ম হৈছিল জাট নামৰ এক শিখ পৰিয়ালত। তেওঁৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী বিপ্লবী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰতেই ভগৎ সিঙে ইউৰোপীয় বিপ্লবী আন্দোলনৰ ইতিহাস সম্পৰ্কে পঢ়া−শুনা কৰিছিল আৰু নৈৰাজ্যবাদ আৰু সাম্যবাদৰ প্ৰতি আকৃষ্ট হৈছিল।[2] ইয়াৰোপৰি তেওঁ একাধিক বিপ্লবী সংগঠনৰ লগত যুক্ত হৈ পৰিছিল। হিন্দুস্তান ৰিপাব্লিকান এছচিয়েচনৰ (এইচআৰএ) সৈতে যুক্ত হৈ মেধা, জ্ঞান আৰু নেতৃত্বদানৰ ক্ষমতাৰ বাবে তেওঁ অচিৰেই এই সংগঠনৰ নেতাত পৰিণত হয় আৰু সংগঠনটোৰ ব্যাপক পৰিবৰ্তন সাধন কৰে। আনকি ইয়াৰ নামো হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচনলৈ (এইচএছআৰএ) ৰূপান্তৰিত কৰে। তেওঁ আৰু তেওঁৰ সংগঠনক নৈৰাজ্যবাদী আখ্যা দিয়া হৈছিল কিন্তু তেওঁ ক্ষুৰধাৰ যুক্তিৰে তাক খণ্ডন কৰিছিল। জে'লত ভাৰতীয় আৰু ব্ৰিটিছ বন্দীসকলৰ সম অধিকাৰৰ দাবীত তেওঁ ৬৪ দিন অনশন কৰি সমৰ্থন আদায় কৰিছিল। প্ৰবীণ স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ হত্যাৰ প্ৰতিশোধত এজন ব্ৰিটিছ পুলিচ বিষয়াক তেখেতে হত্যা কৰে। বিচাৰত তেওঁক ফাঁচী দিয়া হয়। তেওঁৰ আদৰ্শই ভাৰতীয় যুৱসমাজকেই স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উপৰিও ভাৰতত সমাজতন্ত্ৰৰ উত্থানতো প্ৰভূত সহায় কৰিছিল।[3]