মাৰ্চেলিয়ান চাহিদা ফলন
From Wikipedia, the free encyclopedia
ব্যষ্টি অৰ্থনীতিত, কোনো উপভোক্তাৰ মাৰ্চেলিয়ান চাহিদা ফলনে (অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্চেলৰ সন্মানত) এই কথা নিশ্চিত কৰে যে সেই উপভোক্তাই প্ৰদান কৰা মূল্য আৰু আয় বা সম্পত্তিৰে কোনো পণ্য কিমান ক্ৰয় কৰিব, যদিহে তেওঁ উপযোগিতা বৃহদায়িত কৰে। মাৰ্চেলিয়ান চাহিদাক কেতিয়াবা ৱালৰাছিয়ান চাহিদাও বোলা হয় (অৰ্থনীতিবিদ লিয়ন ৱালৰাছৰ সন্মানত)। মাৰ্চেলিয়ান চাহিদাক ক্ষতিপূৰণহীন চাহিদাও বোলা হয় কাৰণ মাৰ্চেলৰ বিশ্লেষণত সম্পত্তি প্ৰভাৱ পৃথক কৰা হোৱা নাছিল।
উপযোগিতা বৃহদায়ন সমস্যাত L সংখ্যক পণ্য গণ্য কৰা হয় মূল্য সদিশ p আৰু চয়ন কৰিবলগীয়া সদিশ x ৰ সৈতে। উপভোক্তাৰ আয় I, আৰু সেয়ে সাধ্য বাণ্ডলৰ বাজেট চেট হ'ল:
য'ত মূল্য সদিশ আৰু পৰিমাণ সদিশৰ বিন্দু পূৰণফল। উপভোক্তাৰ উপযোগিতা ফলন হ'ল:
এনে ক্ষেত্ৰত মাৰ্চেলিয়ান চাহিদা সাযুজ্য হ'ল: