মেহৰগড়
From Wikipedia, the free encyclopedia
মেহৰগড় (ইংৰাজী: Mehrgarh) পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কচ্ছি সমভূমিত অৱস্থিত নৱপ্ৰস্তৰ যুগৰ (৭০০০-২৫০০/২০০০ খ্ৰীষ্টপূৰ্ব) এক আবাসিক ক্ষেত্ৰ।[1] সিন্ধু নদীৰ উপত্যকা অঞ্চলৰ পশ্চিম অংশ আৰু বৰ্তমানৰ পাকিস্তানৰ ব’লান পাছৰ কাষতেই মেহৰগড় অৱস্থিত। এই পুৰাতাত্বিক ক্ষেত্ৰখন ১৯৭৪ চনত আৱিষ্কৃত হয় আৰু সেই বছৰৰ পৰা আৰম্ভ কৰি ১৯৮৬ চনলৈকে এই ঠাইত প্ৰথম পৰ্যায়ৰ খননকাৰ্য চলোৱা হয়। দ্বিতীয় পৰ্যায়ৰ খননকাৰ্য ১৯৯৭ চনৰ পৰা ২০০০ চনলৈকে চলে আৰু এই গোটেই সময়ছোৱাত ছটা টিলাৰ ওপৰত পুৰাতাত্বিক অৱশেষ পোৱাৰ লগতে প্ৰায় ৩২,০০০টা ভগ্নাৱশেষ উদ্ধাৰ কৰা হয়। মেহৰগড়ৰ সবাতোকৈ পুৰণি আবাসস্থলীৰ ভিতৰত ৪৯৫ একৰ (২ বৰ্গ কি:মি:) জুৰি বিস্তৃত হৈ থকা পুৰাতাত্বিক ক্ষেত্ৰখনৰ উত্তৰ-পূব কোণত অৱস্থিত এখন সৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল গাঁৱকে ধৰা হয়। এই গাঁওখন ৭০০০-ৰ পৰা ৫৫০০ খ্ৰীষ্টপূৰ্বৰ ভিতৰৰ। মেহৰগড়ত সমগ্ৰ দক্ষিণ এচিয়াৰ ভিতৰতে প্ৰাচীনতম কৃষি আৰু পশুপালনৰ প্ৰমাণ পোৱা গৈছে।[2][3][4][5] মেহৰগড়ৰ মানৱ সভ্যতাৰ গোটেই সময়ৰেখাডালক খ্ৰীষ্টপূৰ্ব ৭০০০-ৰ পৰা খ্ৰীষ্টপূৰ্ব ২০০০-ৰ উত্তৰকাললৈকে মুঠ আঠোটা ভাগ বা স্তৰত ভগোৱা হৈছে।
মেহৰগড়ৰ আবাসগৃহৰ ভগ্নাৱশেষ | |
অৱস্থিতি | ধাদৰা, বেলুচিস্তান, পাকিস্তান |
---|---|
প্ৰকাৰ | আবাসিক এলেকা |
ইতিহাস | |
স্থাপনা | আনুমানিক ৭০০০ খ্ৰী:পূ: |
পৰিত্যক্ত | আনুমানিক ২৬০০ খ্ৰী:পূ: |
সভ্যতা | নৱপ্ৰস্তৰ যুগ, সিন্ধু সভ্যতা |
অতিৰিক্ত তথ্য | |
খননৰ সময় | ১৯৭৪–১৯৮৬, ১৯৯৭-২০০০ |
বৰ্তমানৰ অৱস্থা | ধ্বংসপ্ৰাপ্ত |