য়ুভাল নোৱাহ হাৰাৰী
From Wikipedia, the free encyclopedia
য়ুভাল নোৱাহ হাৰাৰী (হিব্ৰু: יובל נח הררי}}; জন্ম-২৪ ফেব্ৰুৱাৰী ১৯৭৬) হৈছে এগৰাকী ইজৰাইলী ইতিহাসবিদ, প্ৰসিদ্ধ লেখক, আৰু জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক।[1] তেওঁ বহুকেইখন জনপ্ৰিয় বিজ্ঞান-সাহিত্যৰ লেখক। তেওঁৰ তিনিখন গ্ৰন্থৰ নাম হৈছে চেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড (২০১৪), হ'ম' ডিউছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ টুম'ৰ' (২০১৬), আৰু ২১ লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী(২০১৮)। তেওঁৰ ৰচনাসমূহে মুক্ত মন, সচেতনতা, বুদ্ধিমত্তা আৰু সুখক সামৰি লয়।
ক্ষিপ্ৰ তথ্য য়ুভাল নোৱাহ হাৰাৰী, জন্ম ...
য়ুভাল নোৱাহ হাৰাৰী | |
---|---|
জন্ম | ২৪ ফেব্ৰুৱাৰী, ১৯৭৬ (৪৮ বছৰ) কিৰয়াত আট্টা,ইজৰাইল |
বাসস্থান | মেছিলাট জিয়ন, ইজৰাইল |
জাতীয়তা | ইজৰাইলী |
ক্ষেত্ৰ | ইতিহাস |
কৰ্মস্থান | জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয় জেছাছ কলেজ,অক্সফৰ্ড |
জনা যায় | (১) ছেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড (২) হ'ম' ডিউছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ টুম'ৰ' (৩) টুৱেণ্টি ওৱান লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী |
প্ৰভাৱ | জাৰেড ডায়মণ্ড ফ্ৰান্স ডি ৱাল |
দাম্পত্যসঙ্গী | ইটজিক য়াহাভ |
স্বাক্ষৰ |
বন্ধ কৰক