লম্বোদৰ বৰা
From Wikipedia, the free encyclopedia
লম্বোদৰ বৰা (ইংৰাজী: Lambodar Bora) (১৮৬০-১৮৯২) অসমীয়া সাহিত্যৰ জোনাকী যুগৰ এগৰাকী প্ৰসিদ্ধ লেখক আছিল। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম[1]। অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠাৰ আঁৰত এখেতৰ অৱদান অতিকৈ উল্লেখযোগ্য[2]।