শিলিগুড়ি কৰিডৰ
ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগকাৰী সংকীৰ্ণ ভূমিখণ্ড / From Wikipedia, the free encyclopedia
শিলিগুড়ি কৰিডৰ (ইংৰাজী: Siliguri Corridor) হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ শিলিগুড়ি চহৰৰ আশে-পাশে থকা সংকীৰ্ণ অঞ্চল।[1][2] ইংৰাজীত ইয়াক চিকেনজ নেক (অৰ্থাৎ: কুকুৰাৰ মূৰ) বুলিও কোৱা হয়। আটাইতকৈ সংকীৰ্ণ অংশত ই ২০–২২ কিলোমিটাৰ (১২–১৪ মাইল) দৈৰ্ঘ্যৰ ভূ-ৰাজনৈতিক আৰু ভূ-অৰ্থনৈতিক কৰিডৰৰে উত্তৰ-পূব ভাৰতৰ আঠখন ৰাজ্যক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰে।
শিলিগুড়ি কৰিডৰ হৈছে ভূটান, নেপাল, বাংলাদেশ, ছিকিম, দাৰ্জিলিং, আৰু উত্তৰ-পূব ভাৰতক ইটোৰ সিটোৰ লগত সংযোগ কৰা কেন্দ্ৰীয় স্থান।