শ্বিনা ভাষা
From Wikipedia, the free encyclopedia
শ্বিনা (ݜݨیاٗ,شِْنْیٛا Ṣiṇyaá) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ শ্বিনা লোকৰ দ্বাৰা ব্যৱহৃত। পাকিস্তানত শ্বিনা ঘাইকৈ গিলগিত-বলতিস্তান অঞ্চলত ব্যৱহাৰ কৰা হয়, অনুমানিত ১১৪৬০০০ লোকৰ দ্বাৰা। কোহিস্তান অঞ্চলতো এই ভাষা ব্যৱহাৰ কৰা হয়।[6][7] শ্বিনা ভাষা কোৱা এটি সৰু গোট ভাৰততো আছে, বিশেষকৈ জম্মু আৰু কাশ্মীৰৰ গুৰেইজ উপত্যকা আৰু লাদাখৰ দ্ৰাছ উপত্যকাত।[6] শ্বিনা ভাষাৰ বহিৰ্গোট লাদাখ, কুন্দল শ্বাহী, পলুলা, চাৱি, উশ্ব'জ' আৰু কলকোটি আদিতো পোৱা যায়।[6]
ক্ষিপ্ৰ তথ্য Shina, উচ্চাৰণ ...
Shina | |
---|---|
ݜݨیاٗ Ṣiṇyaá | |
The word Ṣiṇyaá written in the Arabic script in Nastaliq style. | |
উচ্চাৰণ | [ʂinjaá] |
থলুৱা অঞ্চল | Pakistan, India |
অঞ্চল | Gilgit-Baltistan, Kohistan, Drass, Gurez |
জাতীয়তা | Shina |
স্থানীয় ভাষিক |
সাঁচ:Sigfig Shina (2018)[1] and Shina, Kohistani 458,000 (2018)[2] |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | Arabic script (Nastaʿlīq)[3] |
ভাষা সংকেত | |
ISO 639-3 | Either: scl – Standard Shina plk – Kohistani Shina |
গ্লোটোলগ | shin1264 Shina[4]kohi1248 Kohistani Shina[5] |
Distribution of Shina language in Dark Orange | |
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে। |
বন্ধ কৰক
কিছু সময় আগলৈকে শ্বিনা ভাষা লিখিবলৈ কোনো লিপি নাছিল। শেহতীয়াকৈ কেইবাটাও প্ৰস্তাৱ আগবঢ়োৱা হৈছে এই ভাষাৰ লিখন প্ৰণালীৰ বাবে। সকলো শ্বিনা লিখোঁতাই ব্যৱহাৰ কৰা এক মাথো লিপি নাই।[8] শ্বিনা মুখ্যতঃ এটি কথিত ভাষাহে, লিখিত ভাষা নহয়। প্ৰায় শ্বিনা ভাষী লোকেই এই ভাষা নিলিখে।