সত্যাগ্ৰহ
From Wikipedia, the free encyclopedia
সত্যাগ্ৰহ (সংস্কৃত: सत्याग्रह )[1] মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা দৰ্শন আৰু অহিংস প্ৰতিৰোধৰ অনুশীলন। মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয়সকলৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে সত্যাগ্ৰহৰ চৰ্চা কৰিছিল। সত্যাগ্ৰহৰ তত্ত্ব পিছলৈ দক্ষিণ আফ্ৰিকাৰ বিখ্যাত কৃষ্ণাংগ নেতা নেলছন মেণ্ডেলাৰ বৰ্ণবৈষম্য নীতিৰ বিৰুদ্ধে আৰু গণঅধিকাৰ আন্দোলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আৰু জেমছ বেভেলেৰ কৰ্মসূচীসহ সামাজিক ন্যায় প্ৰতিষ্ঠা আৰু অন্যান্য আন্দোলনত প্ৰভাৱ পেলায়। আক্ষৰিক ভাবে সত্যাগ্ৰহ মানে সত্যৰ সন্ধান বা সত্যক ধৰি ৰখা বুজায়। সত্যাগ্ৰহ মানি চলা সকলক সত্যাগ্ৰহী বোলা হয়।[2][3][4]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |