সদস্য:দিব্য দত্ত /পেৰাচিটামল
From Wikipedia, the free encyclopedia
পেৰাচিটামল, বা এচিটামিনোফেন হৈছে বিষ আৰু জ্বৰৰ চিকিৎসাত ব্যৱহাৰ কৰা এবিধ ঔষধ ৷ [9] [10] সাধাৰণতে মৃদুৰ পৰা মধ্যমীয়া বিষ নিৰাময়ৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। [9] শিশুৰ জ্বৰ দূৰ কৰিবলৈও ইয়াক প্ৰায়ে ব্যৱহাৰ কৰা হয়। [11] [12] পানী লগাৰ দৰে অন্যান্য বহুতো ঔষধত ইয়াক প্ৰায়ে মিহলাই বিক্ৰী কৰা হয়৷ [9] পেৰাচিটামল তীব্ৰ বিষ, যেনে কেন্সাৰৰ বিষ আৰু অস্ত্ৰোপচাৰৰ পিছত বিষৰ বাবেও অপিঅ'ইড বিষৰ ঔষধৰ সৈতে ব্যৱহাৰ কৰা হয়। [13] ইয়াক সাধাৰণতে মুখ বা মলদ্বাৰৰ দ্বাৰা ব্যৱহাৰ কৰা হয়, কিন্তু শিৰাত বেজীতো ব্যৱহাৰ কৰা হয়।[9][14] ইয়াৰ প্ৰভাৱ দুঘণ্টাৰ পৰা চাৰি ঘণ্টালৈকে থাকে।[14]
Clinical data | |
---|---|
Pronunciation | পেৰাচিটামল: /ˌpærəˈsiːtəmɒl/ এচিটামিন’ফেন: i/əˌsiːtəˈmɪnəf[unsupported input]n/ |
Trade names | টাইলেনল, পেনাডল, অন্যান্য[1] |
Other names | সাঁচ:Infobox drug/localINNvariants |
AHFS/Drugs.com | Monograph |
MedlinePlus | a681004 |
License data |
|
Pregnancy category |
|
Routes of administration |
মুখ, through the cheek, মলদ্বাৰ, intravenous (IV) |
Drug class | Analgesics, antipyretics |
Legal status | |
Legal status |
|
Pharmacokinetic data | |
Bioavailability | ৬৩–৮৯%[3]:৭৩ |
Protein binding | ১০–২৫%[4] |
Metabolism | Predominantly in the liver[5] |
Metabolites | APAP gluc, APAP sulfate, APAP GSH, APAP cys, NAPQI[6] |
Onset of action | বিষ নিৰাময়: মুখৰ দ্বাৰা – ৩৭ মিনিট[7] Buccal – ১৫ মিনিট[7] Intravenous – ৮ মিনিট[7] |
Elimination half-life | ২–২.৫ ঘণ্টা[8] |
Excretion | মুত্ৰ (৮৫–৯০%)[5] |
Identifiers | |
IUPAC name
|
পেৰাচিটামল সাধাৰণতে পৰামৰ্শ দিয়া মাত্ৰাত নিৰাপদ।[15][16] এজন প্ৰাপ্তবয়স্কৰ বাবে দৈনিক সৰ্বোচ্চ মাত্ৰা তিনিৰ পৰা চাৰি গ্ৰাম হ’ব লাগে।[17] [18][16][9] গৰ্ভাৱস্থা আৰু স্তনপান কৰোৱাৰ সময়ত ইয়াৰ ব্যৱহাৰ নিৰাপদ বুলি গণ্য কৰা হয়। [9] যকৃতৰ ৰোগ থকাসকলৰ ক্ষেত্ৰত ইয়াক কম মাত্ৰাত ব্যৱহাৰ কৰিব পাৰি। [19] ইয়াক মৃদু বিষনাশক হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।[14] ইয়াৰ বিশেষ প্ৰদাহ নিবাৰণকাৰী কাৰ্য্যকলাপ নাই। [20] ই কেনেকৈ কাম কৰে সেয়া সম্পূৰ্ণ স্পষ্ট নহয়। [20][21] [22]
১৮৭৭ চনত প্ৰথমবাৰৰ বাবে পেৰাচিটামল নিৰ্মাণ কৰা হৈছিল [23] আমেৰিকা আৰু ইউৰোপ দুয়োখন দেশতে বিষ আৰু জ্বৰৰ বাবে ই সৰ্বাধিক ব্যৱহৃত ঔষধ। [24] ইয়াক বিশ্ব স্বাস্থ্য সংস্থাৰ অত্যাৱশ্যকীয় ঔষধৰ তালিকাত স্থান দিয়া হৈছে।[25] পেৰাচিটামল জেনেৰিক ঔষধ হিচাপে উপলব্ধ, ইয়াৰ ব্ৰেণ্ড নামসমূহৰ ভিতৰত টাইলেনল আৰু পেনাডল আদি উল্লেখযোগ্য।[26] উন্নয়নশীল দেশসমূহত পেৰাচিটামলৰ পাইকাৰী মূল্য প্ৰতি ড’জত ০.০১ আমেৰিকান ডলাৰতকৈও কম। [27] আমেৰিকাত ইয়াৰ দাম প্ৰায় ০.০৪ আমেৰিকান ডলাৰ। [28] ২০১৭ চনত আমেৰিকাত দিয়া ২৪ নিযুততকৈ অধিক প্ৰেছক্ৰিপচনৰ ভিতৰত সৰ্বাধিক প্ৰেছক্ৰিপচন কৰা ঔষধৰ ভিতৰত পেৰাচিটামলৰ স্থান ২৫ নম্বৰত আছিল। [29] [30]