সাবিত্ৰী খানোলকৰ
পৰম বীৰ চক্ৰ বঁটাৰ সজ্জা আঁকি উলিওৱা এগৰাকী এগৰাকী প্ৰবাসী ভাৰতীয় ডিজাইনাৰ / From Wikipedia, the free encyclopedia
সাবিত্ৰী বাই খানোলকৰ (ইংৰাজী: Savitri Khanolkar মূল নাম: Eve Ivonne Maday de Maros , ২০ জুলাই ১৯১৩ – ২৬ নৱেম্বৰ ১৯৯০ )[1] আছিল ছুইজাৰলেণ্ডত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় ডিজাইনাৰ৷ তেখেত ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা পৰম বীৰ চক্ৰৰ ডিজাইনৰ বাবে সুপৰিচিত, যাক যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা সাহস আৰু শৌৰ্যৰ বাবে দিয়া হয়৷ খানোলকাৰে অশোক চক্ৰ (এ চি), মহা বীৰ চক্ৰ (এম ভি চি), কীৰ্তি চক্ৰ (কে চি), বীৰ চক্ৰ (ভি আৰ চি) আৰু শৌৰ্য চক্ৰ (এছ চি)কে ধৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ বীৰত্বৰ পদক ডিজাইন কৰিছিল। ১৯৪৭ চনৰ সাধাৰণ সেৱা পদকৰ ডিজাইনো তেঁৱেই কৰিছিল, যাক ১৯৬৫ চনলৈকে ব্যৱহাৰ কৰা হৈছিল।[2] ইয়াৰোপৰি খনোলকাৰ এগৰাকী চিত্ৰকৰ আৰু শিল্পীও আছিল।
সাবিত্ৰী খানোলকৰ Savitri Khanolkar | |
---|---|
সাবিত্ৰী খানোলকৰ | |
জন্ম | ইভ ইভন মাদয় ডি মাৰোছ Eve Yvonne Maday de Maros ২০ জুলাই, ১৯১৩ নিউছাটল, |
মৃত্যু | ২৬ নৱেম্বৰ, ১৯৯০ (৭৭ বছৰ) নতুন দিল্লী, ভাৰত |
নাগৰিকত্ব | ছুইছ ভাৰতীয় |
জনা যায় | পৰম বীৰ চক্ৰৰ ডিজাইনাৰ |
দাম্পত্যসঙ্গী | মেজৰ জেনেৰেল বিক্ৰম ৰামজী খানোলকাৰ]] (বি. ১৯৩২; মৃ. ১৯৫২) |
ছুইজাৰলেণ্ডৰ নিউচাটলত ইভ ইভন মাদয় ডি মাৰোছ নামেৰে জন্মগ্ৰহণ কৰা সাবিত্ৰী বায়ে ১৯৩২ চনত ভাৰতীয় সেনাৰ কেপ্তেইন (পৰৱৰ্তী সময়ত মেজৰ জেনেৰেল) বিক্ৰম ৰামজী খানোলকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়, আৰু পৰৱৰ্তী সময়ত নাম সলনি কৰি তেওঁ সাবিত্ৰী বাই খানোলকাৰ হৈ পৰে৷ তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰে আৰু ভাৰতীয় নাগৰিকত্ব লাভ কৰে।
ভাৰতে স্বাধীনতা-লাভৰ পিছতে এডজুটেণ্ট জেনেৰেল মেজৰ জেনেৰেল হীৰা লাল অটলে তেওঁক যুদ্ধত সাহসৰ বাবে ভাৰতৰ সৰ্বোচ্চ বঁটা পৰম বীৰ চক্ৰৰ ডিজাইন কৰিবলৈ কয়।[1][3] স্বাধীন ভাৰতৰ নতুন সামৰিক সজ্জা সৃষ্টি আৰু নামকৰণৰ দায়িত্ব সেইসময়ৰ মেজৰ জেনেৰেল অটলক দিয়া হৈছিল। খানোলকাৰক বাছি লোৱাৰ কাৰণ আছিল তেওঁৰ ভাৰতীয় সংস্কৃতি, সংস্কৃত আৰু বেদৰ প্ৰতি থকা গভীৰ আৰু আন্তৰিক জ্ঞান, যিয়ে ডিজাইনটোক সঁচাকৈয়ে ভাৰতীয় নীতি-ঐতিহ্যৰে সমৃদ্ধ কৰিব বুলি তেওঁ আশা কৰিছিল।
কাকতলীয়ভাৱে প্ৰথম পৰম বীৰ চক্ৰটি প্ৰদান কৰা হৈছিল তেওঁৰ জ্যেষ্ঠ কন্যা কুমুদিনী শৰ্মাৰ ৪ কুমাও ৰেজিমেণ্টৰ ভায়েক মেজৰ সোমনাথ শৰ্মাক৷ মেজৰ সোমনাথ শৰ্মাক ১৯৪৭ চনৰ ৩ নৱেম্বৰত কাশ্মীৰত ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত মৰণোত্তৰভাৱে এই সজ্জা প্ৰদান কৰা হৈছিল।[2]