সুৰাইয়া
From Wikipedia, the free encyclopedia
সুৰাইয়া জামাল শ্বেখ (ইংৰাজী: Suraiya Jamal Sheikh, ১৫ জুন ১৯২৯ – ৩১ জানুৱাৰী ২০০৪) এগৰাকী হিন্দী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী আৰু গায়িকা আছিল, যাৰ জনপ্ৰিয় নাম আছিল সুৰাইয়া। তেওঁ ১৯৩৬ৰ পৰা ১৯৬৩লৈ চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছিল।[1] ১৯৩৬ৰ পৰা ১৯৬৩লৈ তেওঁ ৬৭খন ছবিত অভিনয় কৰিছিল আৰু ৩৩৮টা গীত গাইছিল। ১৯৪০ আৰু ১৯৫০ৰ দশকৰ হিন্দী ছবিৰ তেওঁ শীৰ্ষস্থানীয় নায়িকা আছিল। তেওঁ এগৰাকী প্ৰখ্যাত নেপথ্য কণ্ঠশিল্পীও আছিল আৰু ‘নয়ি দুনীয়া’ (১৯৪২) ছবিৰে গীতৰ জগতত প্ৰবেশ কৰিছিল।[2]
ক্ষিপ্ৰ তথ্য সুৰাইয়া, জন্ম ...
সুৰাইয়া | |
---|---|
জন্ম | সুৰাইয়া জামাল শ্বেখ ১৫ জুন, ১৯২৯ লাহোৰ, পঞ্জাব প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ পাকিস্তানৰ পঞ্জাব) |
মৃত্যু | ৩১ জানুৱাৰী, ২০০৪ (৭৪ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
সমাধিস্থল | বড়া কবৰস্তান, মেৰিন লাইন, মুম্বাই |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
পেচা | অভিনেত্ৰী, নেপঠ্য কণ্ঠশিল্পী |
সক্ৰিয় হৈ থকা সময় | ১৯৩৬-১৯৬৩ |
জনা যায় | হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু গান |
উল্লেখযোগ্য কৰ্ম | তদবীৰ (১৯৪৩), অনমোল ঘড়ী (১৯৪৬), মিৰ্জা গালিব (১৯৫৩) |
স্বাক্ষৰ | |
বন্ধ কৰক