সৰ্বকামিতা
From Wikipedia, the free encyclopedia
সৰ্বকামিতা (ইংৰাজী: Pansexuality), হ'ল যিকোনো দৈহিক যৌনতা বা লিংগ পৰিচয়-বিশিষ্ট মানুহৰ প্ৰতি এক প্ৰকাৰৰ যৌন আকৰ্ষণ, ৰোমাণ্টিক প্ৰেম বা আৱেগিক আকৰ্ষণ।[1][2] সৰ্বকামী ব্যক্তিসকলে নিজকে লিংগ-অন্ধ হিচাপে নিৰ্দেশ কৰে, যাৰ দ্বাৰা বুজোৱা হয় যে, তেওঁলোকে আনৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰে কিন্তু সেয়া নিৰ্ধাৰণৰ হেতু লিংগ আৰু জৈৱিক যৌন পৰিচয় গুৰুত্বহীন বা অপ্ৰাসংগিক।[3][4]
সৰ্বকামিতাৰ প্ৰতীক | |
ব্যুৎপত্তি | প্ৰাচীন গ্ৰীক: πᾶν pan, অৰ্থ "সকলো" |
---|---|
সংজ্ঞা | লিংগ পাৰ্থক্য নোহোৱাকৈ যিকোনো ব্যক্তিৰ প্ৰতি প্ৰেম বা যৌন সুলভ আকৰ্ষণ। |
বিভাগ | যৌন পৰিচয় |
অভিভাৱক | উভকামিতা |
অন্যান্য অভিধা | |
সংযুক্ত অভিধা | পেনচেক্সুৱেল, কুইয়াৰ, এলজিবিটি |
গৌৰৱ পতাকা | |
পতাকাৰ নাম | সৰ্বকামিতাৰ গৌৰৱ পতাকা |
এক বিকল্প যৌন পৰিচয় হিচাপে নিৰ্দেশ কৰাৰ লক্ষেৰে সৰ্বকামিতাক নিজ অধিকাৰৰে পৰিচালিত এটি যৌন অভিমুখীতা বা উভকামিতাৰ এক উপ সংহতি হিচাপে বিবেচনা কৰা হয়।[2][5][6] সৰ্বকামী ব্যক্তিসকল সুস্পষ্টভাৱে নাৰী বা পুৰুষ হিচাপে চিহ্নিত নহয়।[2][7] তেওঁলোক একেই লিংগৰ ব্যক্তিৰ সৈতেই সম্পৰ্ক স্থাপনৰ বাবে উন্মুক্ত থাকে, তথা সৰ্বকামিতায় লিঙ্গ দ্বিবিভাজন নামৰ "নিৰ্দিষ্ট যৌন অভিমুখীতাসম্পন্ন দুটি লিংগৰ মতবাদ"ক প্ৰত্যাখ্যান কৰে। সেইহেতু উভকামিতাতকৈয়ো ই অধিক অন্তৰ্ভুক্তিপ্ৰৱণ পৰিভাষা হিচাপে অৰ্থ ব্যক্ত কৰিব পাৰে।[8] সৰ্বকামিতাৰ সৈতে তুলনা কৰাৰ সময়ত কিহৰ দ্বাৰা উভকামী পৰিভাষাটি বিস্তৃত বা অন্তৰ্ভুক্ত হয় সেই বিষয়টি এলজিবিটি সম্প্ৰদায়ৰ মাজত এক বিতৰ্কৰ বিষয়, বিশেষকৈ উভকামী সম্প্ৰদায়ৰ মাজত।[8]